মাজুলী জিলা কৃষি বিভাগৰ অধীনৰ কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আটমাৰ উদ্যোগত দুদিনীয়াকৈ কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত

মাজুলী জিলা কৃষি বিভাগৰ অধীনৰ কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আটমাৰ উদ্যোগত গড়মূৰ কৃষি চক্ৰৰ অন্তৰ্গত বালিচাপৰি আৰু জেংৰাই কৃষি চক্ৰৰ অন্তৰ্গত ৰতনপুৰ মিৰিত আজিৰে পৰা দুদিনীয়াকৈ কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে।

এই অনুষ্ঠানত কৃষি আৰু আনুসংগিক খণ্ডৰ উন্নত উদ্যান শস্য খেতি, পশু পালন, মৎস্য পালন আদি বিষয় সন্দৰ্ভত শতাধিক কৃষকক প্রশিক্ষণ প্ৰদান কৰা হয়।

যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড০ জীৱনজ্যোতি য়েইন, ড০ ভৈৰৱ গগৈ আৰু ড০ প্ৰভাত বৰুৱাই প্ৰশিক্ষণ প্ৰদান কৰা এই অনুষ্ঠানত জিলা কৃষি বিষয়া নাচেৰ ইকবাল ৰেজ্জা, কৃষি উন্নয়ন বিষয়া, আটমাৰ বিষয়ববীয়াৰ লগতে বিভাগীয় আন বিষয়া-কৰ্মচাৰীসকলো উপস্থিত থাকে।