আজি কাতি বিহু। কাতি বিহু উপলক্ষে ৰাজ্যবাসীলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ শুভেচ্ছা জ্ঞাপন

আজি কাতি বিহু। তুলসীৰ তলত চাকিৰ পোহৰ, পথাৰে পথাৰে আকাশবন্তি আৰু শস্যৰ সমৃদ্ধিৰ কামনাৰে অসমীয়াৰ বাপতি সাহোন কাতি বিহু আজি ৰাজ্যজুৰি পালন কৰা হ’ব।

আহিন আৰু কাতিৰ দোমাহীৰ দিনা কাতি বিহু পালন কৰি কৃষকসকলে শস্য শ্যামলা পথাৰৰ আশাৰে প্ৰাৰ্থনা জনায়। বহাগৰ উলাহ আৰু মাঘৰ ভোগ আনন্দৰ বিপৰীতে কাতি বিহু হৈছে সংযম, আশা আৰু সম্ভাৱনাৰ প্ৰতীক।

এই সময়ত পথাৰত শস্য লহপহকৈ বাঢ়ি আহে যদিও কৃষকৰ ভৰাল প্রায় উদং হৈ থাকে। মূলতঃ কৃষিজীবীসকলৰ চেনেহৰ এই বিহুত পথাৰৰ লখিমীক আদৰাৰ পূৰ্বে খেতি পথাৰত চাকি আৰু আকাশবন্তি জ্বলাই সেৱা জনোৱা হয়। কাতি বিহু উপলক্ষে আদি গধূলি তুলসীৰ তলত বন্তি জনোৱাৰ লগতে ভঁৰাল ঘৰ, গোহাঁলি, পদুলী আদিত চাকি-বন্তি জ্বলাই কৃষিজীৱি ৰাইজে মংগল কামনা কৰিব।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কাতি বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বার্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে তুলসী তলৰ বন্তিগছিয়ে সকলোলৈকে সুখ সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে কৃষকৰ আশাৰ ধাননিডৰা সোণালী শস্যৰে উপচি পৰি ঘৰে ঘৰে লখিমীৰ বসতি হোৱাৰ কামনা কৰে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাতি বিহু পালনৰ প্ৰস্তুতি চলিছে। সত্ৰনগৰী মাজুলীতো পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতিৰে কাতি বিহু পালন কৰা হ’ব। ঐতিহাসিক শ্রীশ্রী আউনী আটি সত্রত ৩৭৩ বছৰীয়া পৰম্পৰা অনুসৰি আজি সন্ধিয়া ২১ যোৰা আকাশবন্তি প্রজ্বলন কৰা হ’ব।

সত্ৰাধিকাৰ, ডেকা অধিকাৰ আৰু ভকত-বৈষ্ণৱৰ উপস্থিতিত বৈদিক পৰম্পৰাৰে তুলসী পূজা কৰাৰ পাছত বিশ্ব শান্তিৰ বাবে মংগল কামনাৰে আকাশবন্তি প্রজ্বলন কৰা হ’ব। এই উপলক্ষে সত্ৰখনত দিনজোৰা কাৰ্যসূচীৰে ওজাপালি, সংকীর্তন, দিহানাম আদি অনুষ্ঠানৰো আয়োজন কৰা হৈছে।