October 18, 2026 11:09 AM

views 27

আজি কাতি বিহু। কাতি বিহু উপলক্ষে ৰাজ্যবাসীলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ শুভেচ্ছা জ্ঞাপন

আজি কাতি বিহু। তুলসীৰ তলত চাকিৰ পোহৰ, পথাৰে পথাৰে আকাশবন্তি আৰু শস্যৰ সমৃদ্ধিৰ কামনাৰে অসমীয়াৰ বাপতি সাহোন কাতি বিহু আজি ৰাজ্যজুৰি পালন কৰা হ'ব। আহিন আৰু কাতিৰ দোমাহীৰ দিনা কাতি বিহু পালন কৰি কৃষকসকলে শস্য শ্যামলা পথাৰৰ আশাৰে প্ৰাৰ্থনা জনায়। বহাগৰ উলাহ আৰু মাঘৰ ভোগ আনন্দৰ বিপৰীতে কাতি বিহু হৈছে সংযম, আশা আৰু সম্ভাৱনাৰ প্ৰতীক। এই সময়ত পথাৰত শস্য লহপহকৈ বাঢ়ি আহে যদিও কৃষকৰ ভৰাল প্রায় উদং হৈ থাকে। মূলতঃ কৃষিজীবীসকলৰ চেনেহৰ এই বিহুত পথাৰৰ লখিমীক আদৰাৰ পূৰ্বে খেতি পথাৰত চাকি আৰু আকাশবন্তি জ্বলাই সেৱ...