October 18, 2026 11:02 AM | Durga Puja

printer

শাৰদীয় দুর্গা পূজাৰ আজি সপ্তমী

শাৰদীয় দুর্গা পূজাৰ আজি সপ্তমী। এইবাৰ তিথি অনুসৰি সপ্তমী পূজা দুদিনীয়াকৈ পালন কৰা হৈছে। আজি সপ্তমীৰ দ্বিতীয় দিনাৰ পৱিত্ৰ ক্ষণত পুৱাৰে পৰা পুজা মণ্ডপসমূহত শক্তিৰ অধিষ্ঠাত্রী দেবী মহিষমর্দিনীৰ পূজা-অর্চনা চলিছে। সপ্তমীত দেবী দুর্গাক কালৰাত্ৰী ৰূপত আৰাধনা কৰা হয়।

দেৱী কালৰাত্ৰিয়ে অশুভ শক্তিক দমন কৰি ভক্তিপ্ৰাণ ৰাইজক অগ্নি, পানী, জীৱ-জন্তু, শত্ৰু আৰু ৰাতিৰ ভয়ৰ পৰা মুক্ত কৰে বুলি জনবিশ্বাস প্রচলিত আছে। কাইলৈ মহা অষ্টমী তিথিত দেৱীক মহাগৌৰীৰ ৰূপত পূজা-অর্চনা কৰা হ’ব।

শাৰদীয় দুর্গোৎসৱ উপলক্ষে ৰাজ্যৰ প্রান্তে প্রান্তে উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে। পূজা-মণ্ডপসমূহ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰা হৈছে। শক্তিপীঠ কামাখ্যা ধামকে ধৰি ইতিহাস প্রসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অর্চনা চলি আছে। গুৱাহাটী মহানগৰীৰ প্ৰাচীন উগ্ৰতাৰা দেৱালয়তো যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ আৰাধনা চলি আছে।

গুৱাহাটী মহানগৰীৰ ৬ শতাধিক পূজা মণ্ডপত দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে অগণন ভক্তৰ সমাগম হৈছে। মহানগৰীৰ লতাশিল, গণেশগুৰি, গীতানগৰ, বিষ্ণুপুৰ, কালীবাৰী, পাণ্ডুকে ধৰি বিভিন্ন স্থানত পূজা মণ্ডপসমূহ দৃষ্টিনন্দন ৰূপত সজাই তোলা হৈছে। কামৰূপ জিলাৰ বিভিন্ন স্থানত উলহ-মালহেৰে দুর্গা পূজা আয়োজন কৰা হৈছে।

চিৰাং জিলাৰ বিভিন্ন স্থানত শাৰদীয় দুর্গোৎসৱ উলহ মালহেৰে উদযাপন কৰা হৈছে। জিলাখনৰ বিজনীৰ দুই নম্বৰ ভেটা গাঁৱৰ ঐতিহাসিক বুঢ়ী ঠাকুৰানী থানত আজি সপ্তমী তিথিৰ দ্বিতীয় দিনাও বহু লোকৰ সমাগম হৈছে। উল্লেখযোগ্য যে, ১৬৮৫ খ্রীষ্টাব্দত কোঁচ ৰজা বিজীত নাৰায়ণৰ দিনৰে পৰা এই থানত পূজা চলি আহিছে। উল্লেখযোগ্য যে এইবেলি চিৰাং জিলাৰ ডেৰশতাধিক পূজা মণ্ডপ, মঠ-মন্দিৰ আৰু ঐতিহাসিক থানত দুর্গোৎসৱ উদযাপন কৰা হৈছে।

লখিমপুৰ জিলাৰ বিহপুৰীয়া, উত্তৰ লখিমপুৰ, নাৰায়ণপুৰ, ঢকুৱাখনা আৰু লালুকৰ লগতে কেইবাটাও স্থানত শাৰদীয় দুর্গা পূজা অনুষ্ঠিত হৈছে। লখিমপুৰ জিলাক ঢকুৱাখনাৰ মৰনৈ বেবেজিয়া চাৰি আলিত শ্রীশ্রী দুর্গা পূজা উদযাপনে এই বেলি গৌৰবোজ্জল ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে। শ্রীভূমি জিলাৰ শ্রীভূমি চহৰ, বদৰপুৰ, পাথাৰকান্দি, ৰামকৃষ্ণ নগৰকে ধৰি বিভিন্ন প্ৰান্তত ধর্মীয় ৰীতি-নীতিৰে সপ্তমী পূজা অনুষ্ঠিত হৈছে।

গোৱালপাৰা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নবনীত মহন্তৰ তত্বাৱধানত গোৱালপাৰাৰ সংৰক্ষিত আৰক্ষী চাউনিতো দুর্গা পূজা পালন কৰা হৈছে। পূজাৰ সময়ত যাতে আইন-শৃংখলাজনিত কোনো ঘটনা সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰি তোলা হৈছে বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।

ইপিনে, কেবাখনো জিলা প্রশাসনে বিজয়া দশমী উপলক্ষে অহা ২১ অক্টোবৰ বুধবাৰে সুৰা নিষিদ্ধ ঘোষণা কৰিছে। লখিমপুৰ জিলা প্রশাসনেও বিজয়া দশমীৰ সময়ছোৱাত শান্তি শৃংখলা অটুট ৰখাৰ বাবে অপ্রীতিকৰ পৰিস্থিতি ৰোধ কৰাৰ বাবে এই পদক্ষেপ লৈছে। সেইদিনা জিলাখনৰ কোনো স্থানতে সুৰা আৰু নিচাজাতীয় সামগ্রী বিক্রী, বিতৰণ আৰু যোগান নিষিদ্ধ কৰা হৈছে।

শাৰদীয় পূজাৰ সময়ছোৱাত শান্তি শৃংখলা অটুত ৰখাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলা প্রশাসনে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে। ঠায়ে ঠায়ে চি চি টিভি কেমেৰা সংস্থাপন কৰাৰ লগতে পুজা সমিতিসমূহলৈ জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। বঙাইগাওঁ জিলা প্রশাসনে পূজাৰ সমছোৱাত দর্শনার্থী বিশেষকৈ মহিলা সকলৰ সুৰক্ষাৰ বাবে এটা বিশেষ দল প্রশিক্ষণ দি সাজু কৰি তুলিছে।