October 3, 2025 12:53 PM

views 101

ৰাজ্যৰ ভিন্ন স্থানত আজি পুৱাৰ পৰাও দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন

ষষ্ঠীত প্ৰতিষ্ঠা কৰা শক্তিৰূপিনী দেৱী দুৰ্গাক বিজয়া দশমীত যথাবিহিত ৰীতি-নীতিৰে বিসৰ্জন দিয়া হয়। ৰাজ্যৰ ভিন্ন স্থানত আজি পুৱাৰ পৰাও দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হৈছে। গুৱাহাটী মহানগৰীৰ পাণ্ডু ঘাটত কালি নিশা ১০ বজাৰ পাছত প্ৰতিমা বিসর্জন কাৰ্যসূচী বন্ধ ৰখা হয়। আজি পুৱাৰে পৰা ঘাটটোত পুনৰ প্ৰতিমা বিসর্জন কার্যসূচী আৰম্ভ হৈছে । ইফালে, প্রতিকুল বতৰৰ মাজতে কালি গুৱাহাটী মহানগৰীৰ পাঁচটা ঘাটত প্ৰতিমা বিসর্জন দিয়া হয়। আৰক্ষী প্রশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি লাচিত ঘাট, পাণ্ডু ঘাট, চূণচাল...

October 1, 2025 9:07 PM

views 71

শাৰদীয় দুর্গাপূজাৰ মহানৱমী উপলক্ষে জনসাধাৰণক প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

শাৰদীয় দুর্গাপূজাৰ আজি মহা নৱমী। মহানৱমী উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে, যে নৱৰাত্ৰিয়ে সকলোৰে জীৱনত সু- ভৱিষ্যৎ, সমৃদ্ধি আৰু সাফল্য নিশ্চিত কৰিব। আজি দেৱী দুৰ্গাক সিদ্ধিদাত্ৰী ৰূপত পূজা-অৰ্চনা কৰা হৈছে। দেৱী দুৰ্গাৰ নৱম ৰূপৰ পূজা কৰাৰ লগতে আজিৰ দিনটোত কুমাৰী পূজাৰো আয়োজন কৰা হয়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো দেৱী দুৰ্গাৰ মহানৱমী পূজা অনুষ্ঠিত হৈছে। অৱশ্যে শিল্পী জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি...

September 27, 2025 7:58 PM

views 77

ৰাজ্যত কাইলৈ ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ

শাৰদীয় দুর্গা পূজাৰ কাইলৈ ষষ্ঠী। বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে কাইলৈ এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হ'ব। এইবাৰ দেৱী দুৰ্গাৰ হস্তীত আগমন ঘটিছে আৰু দোলাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। অৱশ্যে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাজ্যখনত শাৰদীয় পূৰ্বৰ সেই উছাহ নাই। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্য শোকাছন্ন হৈ থকাৰ বাবে বজাৰতো ক্রেতাৰ ভিৰ পৰিলক্ষিত হোৱা নাই। জনসাধাৰণে পৰম্পৰাগত ৰীতি-নীতিৰে দুৰ্গতিনাশিনী দুৰ্গাৰ আশীষ বিচাৰি আৰাধনা কৰিবলৈ সাজু হৈছে। ...

September 26, 2025 1:06 PM

views 94

ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপত শাৰদীয় দুর্গা পূজাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ

শাৰদীয় দুর্গা পূজালৈ মাজত মাথো এদিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপত পূজাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। ৰাজ্যবাসীয়ে বেদীত দুৰ্গাৰ প্ৰতিমূৰ্তি স্থাপন কৰি পূজা-অৰ্চনাৰ বাবে সাজু হৈছে যদিও জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ শোকত ম্রিয়মান হৈ থকাৰ বাবে পূজাৰ উছাহ ম্লান পৰিছে। শিল্পীগৰাকীৰ আকস্মিক দেহাৱসানে সৃষ্টি কৰা শূন্যতাৰ পৰিৱেশৰ সৈতে এতিয়াও ৰাজ্যবাসী সহজ হৈ উঠা নাই। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্য শোকাছন্ন হৈ থকাৰ বাবে বজাৰতো ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হোৱা নাই। শাৰদীয় নৱৰা...

September 25, 2025 10:31 PM

views 87

শাৰদীয় দুর্গা পূজালৈ মাজত মাথো দুদিন বাকী

শাৰদীয় দুর্গা পূজালৈ মাজত মাথো দুদিন বাকী থকা অৱস্থাত বিভিন্ন পূজা মণ্ডপত দেৱীৰ প্ৰতিমা স্থাপনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। অসমবাসীৰ আদৰৰ শিল্পী জুবিন গাৰ্গৰ শোকত ম্রিয়মান হৈ পৰা ৰাজ্যবাসীৰ এইবাৰ যেন পূজাৰ পূৰ্বৰ উৎসাহ নাই। শিল্পীগৰাকীৰ আকস্মিক দেহাৱসানে সৃষ্টি কৰা শূন্যতাৰ পৰিৱেশৰ সৈতে এতিয়াও ৰাজ্যবাসী সহজ হৈ উঠা নাই। শাৰদীয় নৱৰাত্ৰিৰ আজি চতুর্থ দিনা দেৱী দুৰ্গাক কুষ্মাণ্ডা ৰূপত পূজা কৰা হৈছে। দেৱীৰ এই ৰূপে সুস্বাস্থ্য, ইতিবাচক শক্তি আৰু প্ৰাণোচ্ছল জীৱনৰ বাবে প্ৰেৰণা দিয়ে বুলি বিশ্বাস ...

September 25, 2025 11:59 AM

views 65

শাৰদীয় দুর্গা পূজালৈ মাজত মাথোঁ দুদিন; ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰস্তুতি অব্যাহত

শাৰদীয় দুর্গা পূজালৈ মাজত মাথো দুদিন বাকী আছে যদিও অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত শাৰদীয় পৰিৱেশো নিস্তেজ হৈ পৰিছে। প্ৰতি শৰতৰ প্ৰভাতী পুৱাক গীতেৰে সম্ভাষণ জনোৱা শিল্পীগৰাকীৰ আকস্মিক দেহাৱসানে সৃষ্টি কৰা শূন্যতাৰ পৰিৱেশৰ সৈতে এতিয়াও ৰাজ্যবাসী সহজ হৈ উঠা নাই। ইয়াৰ মাজতে পৰম্পৰাগত ৰীতি-নীতি মানি আধ্যাত্মিকতাৰে এইবাৰ শৰতত দেৱী দুৰ্গাক আৰাধনা কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি চলিছে। শাৰদীয় নৱৰাত্ৰিৰ কালি তৃতীয় দিনা দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা অৰ্চনা কৰা হয়। আজি নৱৰাত্ৰিৰ চতুৰ...

September 24, 2025 10:26 PM

views 53

শাৰদীয় দুর্গা পূজালৈ মাজত মাথোঁ ৩ টা দিন বাকী, ৰাজ্যৰ ৭,৮১৭খন দূর্গা পুজা সমিতিলৈ ১০ হাজাৰ টকাকৈ আৰ্থিক অনুদান ৰাজ্য চৰকাৰৰ

শাৰদীয় দুর্গা পূজালৈ মাজত মাথোঁ ৩ টা দিন বাকী। অসমবাসীৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আকষ্মিক দেহাৱসানে এইবাৰ পুজাৰ পৰিবেশ ম্লান কৰিছে যদিও আধ্যাত্মিক ৰীতি নীতি বজাই ৰাখি পূজা পালন কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেসংখ্যক পূজা সমিতিয়ে এইবাৰ আড়ম্বৰবিহীনভাৱে পূজা পালনৰ প্ৰস্তুতি চলাইছে। পূজাস্থলীসমূহত জনতাৰ আপোন শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব । ইপিনে, শাৰদীয় নৱৰাত্ৰিৰ আজি তৃতীয় দিনা দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা অৰ্চনা কৰা হয়। অহা দেওবাৰে ষষ্ঠীৰ বেদীত দেবী প্রতিষ্ঠা কৰা ...

October 13, 2024 8:02 PM

views 84

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ দশমী বিহিত পূজা আৰু অপৰাজিতা পূজা সম্পন্নৰ পাছত নৱপত্ৰিকা আৰু ঘট বিসর্জন প্রক্রিয়া সম্পন্ন

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ কালি দশমী বিহিত পূজা আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্ৰিকা আৰু ঘট বিসর্জন প্রক্রিয়া সম্পন্ন হয়। অৱশ্যে বিভিন্ন স্থানত আজিও দেৱীৰ মৃণ্ময় প্রতিমা বিসর্জন দিয়া হৈছে। গুৱাহাটী মহানগৰীত কালিৰে পৰা তিনিদিনীয়াকৈ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। কালি ৫৫ খন প্রতিমা বিসর্জন দিয়াৰ পাছত আজি দুই শতাধিক প্রতিমা বিসর্জন দিয়া হয়। জিলা প্রশাসনে নিৰ্ধাৰণ কৰি দিয়া ২৭টা ঘাটত বিসর্জন প্রক্রিয়া সম্প্রতিও অব্যাহত আছে। প্ৰতিমাৰ সংখ্যালৈ চাই কোনো কোনো ঘাটত পুৱতি নিশালৈকে ব...

October 13, 2024 12:12 PM

views 62

দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্রিকা বিসর্জন প্রক্রিয়া সম্পন্ন

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ কালি দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্রিকা বিসর্জন প্রক্রিয়া সম্পন্ন হয়। অৱশ্যে বিভিন্ন স্থানত আজিও দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হ'ব। গুৱাহাটী মহানগৰীত কালিৰে পৰা তিনিদিনীয়াকৈ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাট পথসমূহত যান-জঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে যান বাহন আৰক্ষীয়ে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মহানগৰীৰ কোনো কোনো অঞ্চলত ক...

October 12, 2024 9:22 PM

views 73

দেশৰ ভিন্ন স্থানত বিজয়া দশমী আৰু দশেৰা পালন

দেশৰ বিভিন্ন অংশত আজি বিজয়া দশমী আৰু দশেৰা পালন কৰা হৈছে। ভগৱান ৰামৰ ৰাৱণৰ বিৰুদ্ধে জয়ৰ স্মৃতিত পালন কৰা দশেৰা অশুভ শক্তিৰ বিৰুদ্ধে শুভশক্তিৰ বিজয়ৰ প্ৰতীকস্বৰূপ। এই দিনটোতে ভগৱান ৰামে ৰাৱণৰ বধ কৰিছিল বুলি বিশ্বাস কৰা হয়। এই বিশ্বাসেৰে ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিকৃতি দহনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ লালকিল্লা ময়দানত শ্রীধার্মিক লীলা কমিটিয়ে আয়োজন কৰা দশেৰাৰ অনুষ্ঠানত ভাগ লয়। ইপিনে, শ্ৰী ৰামলীলা সমিতিয়ে দিল্লীৰ ...