October 17, 2026 11:43 AM | Durga Puja

printer

আজি মহাসপ্তমী, শাৰদীয় দুর্গোৎসৱ উপলক্ষে ৰাজ্যত উৎসৱমুখৰ পৰিৱেশ বিৰাজ

শাৰদীয় দুর্গা পূজাৰ আজি সপ্তমী। কালি ষষ্ঠীত দেৱী দুৰ্গাৰ বোধন, আমন্ত্ৰণ আৰু অধিবাসৰ জৰিয়তে পূজাৰ মূল আনুষ্ঠানিকতা আৰম্ভ কৰা হয়। বিশ্বাস অনুসৰি এইবাৰ দেৱী দুৰ্গাৰ ঘোঁৰাত আগমন ঘটিছে আৰু নাৱত গমন হ’ব।

শাৰদীয় দুর্গোৎসৱ উপলক্ষে ৰাজ্যত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। পূজা মণ্ডপসমূহ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰা হৈছে। ইতিহাস প্রসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰা হৈছে। নৱৰাত্ৰিৰ ষষ্ঠ দিনটোত কালি দেৱী দুৰ্গাক কাত্যায়নী ৰূপত পূজা কৰা হয় ৷