October 7, 2024 11:29 AM

views 73

শাৰদীয় দুর্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী

শাৰদীয় দুর্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি উলহ-মালহৰ পৰিবেশে বিৰাজ কৰিছে। কালি দুপৰীয়া ভাগৰে পৰা বতৰ কিছু ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। কালি নৱৰাত্ৰিৰ চতুৰ্থ দিনা দেৱী দুৰ্গাক কুষ্মাণ্ডা ৰূপত পূজা কৰা হয়। দেৱীৰ এই ৰূপে সুস্বাস্থ্য, ইতিবাচক শক্তি আৰু প্ৰাণোচ্ছল জীৱনৰ বাবে প্ৰেৰণা দিয়ে বুলি বিশ্বাস কৰা হয় ৷ আনহাতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিকূল বতৰকো নেওচি পূজাৰ প্ৰস্তুতি অব্যাহত আছে। গুৱাহাটী মহানগৰীৰ পূজা মণ্ডপসমূহ সজাই তোলাৰ বাবে আয...

October 6, 2024 12:02 PM

views 82

শাৰদীয় দুর্গা পূজালৈ ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত

শাৰদীয় দুর্গা পূজালৈ মাজত মাথো দুদিন থকা অৱস্থাত ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত আছে। অৱশ্যে বিগত ২-৩ দিন ধৰি হৈ থকা বৰষুণৰ ফলত পূজাৰ মণ্ডপসমূহৰ প্ৰস্তুতিত কিছু সমস্যাই দেখা দিছে। প্ৰতিকুল বতৰকো নেওচি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণে পূজাৰ বাবে বজাৰ সমাৰকে ধৰি অন্যান্য প্রস্তুতি চলাই আছে। ইপিনে, শাৰদীয় নৱৰাত্ৰিৰ কালি তৃতীয় দিনা দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা অৰ্চনা কৰা হয়। অহা বুধবাৰে ষষ্ঠীৰ বেদীত দেবী প্রতিষ্ঠা কৰা হব। শক্তিপীঠ কামাখ্যা ধামকে ধৰি ৰাজ্যৰ বিভিন্ন প্রাচীন দেৱালয়সমূহত নৱৰাত্ৰ...

September 29, 2024 7:29 PM

views 69

শাৰদীয় দুর্গা পূজা সমিতিসমূহলৈ বিত্তীয় সাহায্য প্ৰদানৰ বিষয়ে অসম চৰকাৰৰ ঘোষণা

সমগ্ৰ ৰাজ্যজুৰি শাৰদীয় দুর্গা পূজাৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহ আটকধুনীয়াকৈ নিৰ্মাণৰ বাবে প্ৰস্তুতি চলিছে। প্রতি বছৰৰ দৰে এইবাৰো অসম চৰকাৰে দুর্গা পূজা সমিতিসমূহলৈ বিত্তীয় সাহায্য প্ৰদানৰ বিষয়ে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰি এই বিত্তীয় সাহায্যৰ বাবে পূজা সমিতিসমূহক সংশ্লিষ্ট জিলা আয়ুক্তৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে পূজা আৰু বিহুৰ লগতে ভাওনা আয়োজনৰ ক্ষেত্ৰতো...