September 25, 2025 10:31 PM

views 94

শাৰদীয় দুর্গা পূজালৈ মাজত মাথো দুদিন বাকী

শাৰদীয় দুর্গা পূজালৈ মাজত মাথো দুদিন বাকী থকা অৱস্থাত বিভিন্ন পূজা মণ্ডপত দেৱীৰ প্ৰতিমা স্থাপনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। অসমবাসীৰ আদৰৰ শিল্পী জুবিন গাৰ্গৰ শোকত ম্রিয়মান হৈ পৰা ৰাজ্যবাসীৰ এইবাৰ যেন পূজাৰ পূৰ্বৰ উৎসাহ নাই। শিল্পীগৰাকীৰ আকস্মিক দেহাৱসানে সৃষ্টি কৰা শূন্যতাৰ পৰিৱেশৰ সৈতে এতিয়াও ৰাজ্যবাসী সহজ হৈ উঠা নাই। শাৰদীয় নৱৰাত্ৰিৰ আজি চতুর্থ দিনা দেৱী দুৰ্গাক কুষ্মাণ্ডা ৰূপত পূজা কৰা হৈছে। দেৱীৰ এই ৰূপে সুস্বাস্থ্য, ইতিবাচক শক্তি আৰু প্ৰাণোচ্ছল জীৱনৰ বাবে প্ৰেৰণা দিয়ে বুলি বিশ্বাস ...

September 25, 2025 11:59 AM

views 67

শাৰদীয় দুর্গা পূজালৈ মাজত মাথোঁ দুদিন; ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰস্তুতি অব্যাহত

শাৰদীয় দুর্গা পূজালৈ মাজত মাথো দুদিন বাকী আছে যদিও অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত শাৰদীয় পৰিৱেশো নিস্তেজ হৈ পৰিছে। প্ৰতি শৰতৰ প্ৰভাতী পুৱাক গীতেৰে সম্ভাষণ জনোৱা শিল্পীগৰাকীৰ আকস্মিক দেহাৱসানে সৃষ্টি কৰা শূন্যতাৰ পৰিৱেশৰ সৈতে এতিয়াও ৰাজ্যবাসী সহজ হৈ উঠা নাই। ইয়াৰ মাজতে পৰম্পৰাগত ৰীতি-নীতি মানি আধ্যাত্মিকতাৰে এইবাৰ শৰতত দেৱী দুৰ্গাক আৰাধনা কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি চলিছে। শাৰদীয় নৱৰাত্ৰিৰ কালি তৃতীয় দিনা দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা অৰ্চনা কৰা হয়। আজি নৱৰাত্ৰিৰ চতুৰ...

September 24, 2025 10:26 PM

views 54

শাৰদীয় দুর্গা পূজালৈ মাজত মাথোঁ ৩ টা দিন বাকী, ৰাজ্যৰ ৭,৮১৭খন দূর্গা পুজা সমিতিলৈ ১০ হাজাৰ টকাকৈ আৰ্থিক অনুদান ৰাজ্য চৰকাৰৰ

শাৰদীয় দুর্গা পূজালৈ মাজত মাথোঁ ৩ টা দিন বাকী। অসমবাসীৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আকষ্মিক দেহাৱসানে এইবাৰ পুজাৰ পৰিবেশ ম্লান কৰিছে যদিও আধ্যাত্মিক ৰীতি নীতি বজাই ৰাখি পূজা পালন কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেসংখ্যক পূজা সমিতিয়ে এইবাৰ আড়ম্বৰবিহীনভাৱে পূজা পালনৰ প্ৰস্তুতি চলাইছে। পূজাস্থলীসমূহত জনতাৰ আপোন শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব । ইপিনে, শাৰদীয় নৱৰাত্ৰিৰ আজি তৃতীয় দিনা দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা অৰ্চনা কৰা হয়। অহা দেওবাৰে ষষ্ঠীৰ বেদীত দেবী প্রতিষ্ঠা কৰা ...

October 13, 2024 8:02 PM

views 85

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ দশমী বিহিত পূজা আৰু অপৰাজিতা পূজা সম্পন্নৰ পাছত নৱপত্ৰিকা আৰু ঘট বিসর্জন প্রক্রিয়া সম্পন্ন

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ কালি দশমী বিহিত পূজা আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্ৰিকা আৰু ঘট বিসর্জন প্রক্রিয়া সম্পন্ন হয়। অৱশ্যে বিভিন্ন স্থানত আজিও দেৱীৰ মৃণ্ময় প্রতিমা বিসর্জন দিয়া হৈছে। গুৱাহাটী মহানগৰীত কালিৰে পৰা তিনিদিনীয়াকৈ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। কালি ৫৫ খন প্রতিমা বিসর্জন দিয়াৰ পাছত আজি দুই শতাধিক প্রতিমা বিসর্জন দিয়া হয়। জিলা প্রশাসনে নিৰ্ধাৰণ কৰি দিয়া ২৭টা ঘাটত বিসর্জন প্রক্রিয়া সম্প্রতিও অব্যাহত আছে। প্ৰতিমাৰ সংখ্যালৈ চাই কোনো কোনো ঘাটত পুৱতি নিশালৈকে ব...

October 13, 2024 12:12 PM

views 63

দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্রিকা বিসর্জন প্রক্রিয়া সম্পন্ন

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ কালি দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্রিকা বিসর্জন প্রক্রিয়া সম্পন্ন হয়। অৱশ্যে বিভিন্ন স্থানত আজিও দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হ'ব। গুৱাহাটী মহানগৰীত কালিৰে পৰা তিনিদিনীয়াকৈ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাট পথসমূহত যান-জঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে যান বাহন আৰক্ষীয়ে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মহানগৰীৰ কোনো কোনো অঞ্চলত ক...

October 12, 2024 9:22 PM

views 76

দেশৰ ভিন্ন স্থানত বিজয়া দশমী আৰু দশেৰা পালন

দেশৰ বিভিন্ন অংশত আজি বিজয়া দশমী আৰু দশেৰা পালন কৰা হৈছে। ভগৱান ৰামৰ ৰাৱণৰ বিৰুদ্ধে জয়ৰ স্মৃতিত পালন কৰা দশেৰা অশুভ শক্তিৰ বিৰুদ্ধে শুভশক্তিৰ বিজয়ৰ প্ৰতীকস্বৰূপ। এই দিনটোতে ভগৱান ৰামে ৰাৱণৰ বধ কৰিছিল বুলি বিশ্বাস কৰা হয়। এই বিশ্বাসেৰে ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিকৃতি দহনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ লালকিল্লা ময়দানত শ্রীধার্মিক লীলা কমিটিয়ে আয়োজন কৰা দশেৰাৰ অনুষ্ঠানত ভাগ লয়। ইপিনে, শ্ৰী ৰামলীলা সমিতিয়ে দিল্লীৰ ...

October 12, 2024 12:13 PM

views 71

শাৰদীয় দুর্গা পূজা উপলক্ষে সমগ্ৰ ৰাজ্যতে উখল মাখল পৰিবেশ

শাৰদীয় দুর্গা পূজা উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে কৰিমগঞ্জ জিলাৰ পূজা মণ্ডপো সর্বমংগলময়ী, সিদ্ধিদাত্রী মহিষ মর্দিনী দেৱী দুৰ্গাৰ বন্দনা আৰু পুৰোহিতৰ মন্ত্রোচাৰণ, ঢাক, ঢোল, শংখ, ঘণ্টা, ডবা, কাহৰ শব্দৰ মুখৰ হৈ পৰিছে । ইপিনে বাক্সা জিলাৰ ছিকাদৌল বাথৌ মন্দিৰ প্ৰাংগণত সম্পূৰ্ণ বড়ো ৰীতি-নীতিৰে দুৰ্গা পূজা পালন কৰা হয়। দুৰ্গামাৰ প্ৰতিমাক বড়ো মহিলাসকলে পৰিধান কৰা পৰম্পৰাগত সাজ দখনা পিন্ধাই প্রতিমা নির্মাণ কৰা হৈছে। এই সম্পৰ্কে জিলাখনৰ সংবাদদাতা দামোদৰ তালুকদাৰে এইদৰে কয় -বাইট- ইফালে, হাইলাকান্দি জিলাতো...

October 9, 2024 6:49 PM

views 59

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক উৎসাহ-উদ্দীপনা

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ যথাবিহিত ৰীতি-নীতিৰে আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহ ভিন ভিন বিষয় লৈ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। ইপিনে, ইতিহাস প্রসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা চলি আছে। ৰাজ্যপাল লক্ষণ প্রসাদ আচাৰ্যই শাৰদীয় দুর্গা পূজা উপলক্ষে অসমৰ জনসাধাৰণক আন্তৰিক...

October 8, 2024 7:00 PM

views 57

শাৰদীয় দুর্গা পূজাৰ প্ৰাক্ মুহূৰ্তত সমগ্ৰ ৰাজ্যজুৰি উৎসৱৰ আনন্দমুখৰ পৰিৱেশ

শাৰদীয় দুর্গা পূজাৰ প্ৰাক্ মুহূৰ্তত সমগ্ৰ ৰাজ্যজুৰি উৎসৱৰ আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হ'ব। এইবাৰ দেৱী দুৰ্গাৰ দোলাত আগমন ঘটিছে আৰু ঘোঁৰাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। বিগত কিছুদিন ধৰি ৰাজ্যত বৰষুণ হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ পূজাৰ উৎসাহ কিছু স্তিমিত হোৱা দেখা গৈছিল যদিও বতৰ ফৰকাল হোৱাৰ লগে লগে ৰাজ্যবাসীৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। ৰাজ্যৰ প্ৰান্তে প্রান্তে পূজা-মণ্ডপসমূহ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰা হৈছে। ...

October 8, 2024 11:32 AM

views 56

ৰাজ্যজুৰি শাৰদীয় দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যত ব্যাপক উলহ-মালহৰ পৰিবেশে বিৰাজ কৰিছে। যোৱা দুটা দিনত বতৰ কিছু ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। পূজা সমিতিসমূহে বিভিন্ন বিষয়বস্তুক আধাৰ হিচাপে লৈ পূজা মণ্ডপসমূহ আটকধুনীয়াকৈ সজাই-পৰাই তুলিছে। সমান্তৰালভাৱে বতৰ ফৰকাল হোৱাৰ লগে লগে মহানগৰীৰ বজাৰসমূহত বিশেষকৈ ফাঁচীবজাৰ, গণেশগুৰিত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। একেদৰে ৰাজ্যৰ অন্য প্রান্ততো শাৰদীয় দুর্গা পূজাৰ উৎসাহ-উদ্দীপনা ...