সমগ্ৰ ৰাজ্যজুৰি শাৰদীয় দুর্গা পূজাৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহ আটকধুনীয়াকৈ নিৰ্মাণৰ বাবে প্ৰস্তুতি চলিছে। প্রতি বছৰৰ দৰে এইবাৰো অসম চৰকাৰে দুর্গা পূজা সমিতিসমূহলৈ বিত্তীয় সাহায্য প্ৰদানৰ বিষয়ে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰি এই বিত্তীয় সাহায্যৰ বাবে পূজা সমিতিসমূহক সংশ্লিষ্ট জিলা আয়ুক্তৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে পূজা আৰু বিহুৰ লগতে ভাওনা আয়োজনৰ ক্ষেত্ৰতো চৰকাৰে বিত্তীয় সাহায্য আগবঢ়াব। অসম চৰকাৰে ৰাজ্যখনৰ প্ৰতিটো উৎসৱ পাৰ্বন নিয়াৰিকৈ উদযাপনৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে এই পদক্ষেপ লৈছে বুলি মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰে।
Assamese | September 29, 2024 7:29 PM | Durga Puja
শাৰদীয় দুর্গা পূজা সমিতিসমূহলৈ বিত্তীয় সাহায্য প্ৰদানৰ বিষয়ে অসম চৰকাৰৰ ঘোষণা