শাৰদীয় দুর্গোৎসৱৰ আজি মহা নৱমী। নৱৰাত্ৰিৰ নৱমটো দিন অর্থাৎ মহা নৱমীত দেৱী দুৰ্গাক মা সিদ্ধিদাত্রী ৰূপত আৰাধনা কৰা হয়।
মা সিদ্ধিদাত্রীয়ে ভক্তক সৰ্বতোপ্ৰকাৰে সিদ্ধি প্ৰদান কৰে। মহা নৱমীৰ দিনা সিদ্ধিদাত্রী পূজাৰ উপৰি কুমাৰী পূজা অনুষ্ঠিত হয়। এই উপলক্ষে পূজা মণ্ডপসমূহত ভক্তসকলে হাজাৰ হাজাৰ বন্তি প্ৰজ্বলন কৰি মাংগলিক পৰিৱেশৰ সৃষ্টি কৰিছে। তদুপৰি ৰাজ্যৰ প্ৰতিখন পূজাথলীতে পৱিত্ৰ মন্ত্ৰপাঠ, আৰতি, ধূপ-দীপ আৰু মংগলধবনিৰে মনোমোহা পৰিৱেশৰ সৃষ্টি হৈছে। সমগ্ৰ অসমত ৯ হাজাৰৰো অধিক পূজা মণ্ডপত দেৱী দুৰ্গাক আৰাধনা কৰা হৈছে।
গুৱাহাটী মহানগৰীৰ ৬ শতাধিক পূজা মণ্ডপত দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে অগণন ভক্তৰ সমাগম হৈছে। উগ্ৰতাৰা দেৱালয়তো নৱমী তিথিৰ পূজা-অৰ্চনা অনুষ্ঠিত হৈছে। ছত্ৰাকাৰ দেৱালয়ৰ লগতে উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়তো পৰম্পৰাগতভাৱে দেৱীক আৰাধনা কৰা হৈছে। শক্তিপীঠ কামাখ্যা ধামত আজি যথাবিহিত ৰীতি-নীতিৰে মহানৱমী পালন কৰা হয়। আজি কুমাৰী পূজাও অনুষ্ঠিত হয়।
কোকৰাঝাৰ জিলাৰ বিভিন্ন দুর্গাপূজা মণ্ডপত মহানৱমী উপলক্ষে যথেষ্টসংখ্যক ভক্তৰ সমাগম পৰিলক্ষিত হৈছে। ধুবুৰীৰ কালীবাৰী পূজা মণ্ডপতো শাৰদীয় দুর্গোৎসৱৰ মহানৱমী উপলক্ষে পুৱা চাৰে ৫ বজাৰ পৰা মহানৱমীৰ কল্পাৰম্ভ আৰু নৱমীৰ বিহিত পূজা-অৰ্চনা কৰা হৈছে। ধুবুৰী চহৰৰ ঐতিহাসিক কালীবাৰী পূজা সমিতিয়ে এইবেলি ৯৯ বছৰত ভৰি দিলে। প্রতি বছৰৰ দৰে এইবেলিও হাজাৰ হাজাৰ ভক্তৰ সমাগম হোৱা বুলি পূজা সমিতিৰ বিষয়ববীয়সকলে জানিবলৈ দিছে।
ডিব্ৰুগড়ৰ আহোম ৰাজত্ব কালৰেপৰা অনুষ্ঠিত হৈ অহা বকুলৰ দুৰ্গা পূজাস্থলীত ৰীতি-নীতি পৰম্পৰা ৰক্ষা কৰি আজি মহানৱমী পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ প্ৰতিখন পূজা মণ্ডপতে মহা নৱমীৰ পূজা-অৰ্চনাৰ বাবে জনসমাগম দেখিবলৈ পোৱা গৈছে।
যোৰহাটতো ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে মহানৱমী পালন কৰা হৈছে। যোৰহাট চহৰৰ বিভিন্ন পূজা মণ্ডপত ভক্তৰ যথেষ্ট সমাগম পৰিলক্ষিত হৈছে।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্যতম পুৰণি ধৰ্মীয় অনুষ্ঠান বৰকোনাৰ শ্ৰীশ্ৰী কালীধামত বিগত প্রায় ৮০ বছৰ ধৰি দুৰ্গা পূজা উদযাপন কৰি অহা হৈছে। গোৱালপাৰা জিলাৰ ভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহতো পুৱাই ভক্তপ্ৰাণ ৰাইজে পূজা-অৰ্চনাত ভাগ লৈছে। জিলাখনৰ ১৪৩ টা মণ্ডপত দুৰ্গা পূজা অনুষ্ঠিত হৈছে।
শিলচৰতো পুৱাই পূজা মণ্ডপসমূহত দেৱী দুৰ্গাৰ আশীষ ল’বলৈ ভক্তৰ সমাগম ঘটিছে। শিলচৰৰ মালুগ্ৰামৰ দেৱীপ্ৰসাদ ভৱনত ৩০০ বছৰ ধৰি চলা দুৰ্গা পূজাখনৰ এইবাৰো প্ৰাচীন ৰীতি-নীতি অনুসৰি পূজা অনুষ্ঠিত হৈছে। শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌলত আজি মহানৱমীৰ দিনা দেৱীৰ আশীষ ল’বলৈ পুৱাই ভক্তৰ সমাগম হৈছে।