October 20, 2026 1:23 PM

views 10

শাৰদীয় দুর্গোৎসৱৰ আজি মহা নৱমী

শাৰদীয় দুর্গোৎসৱৰ আজি মহা নৱমী। নৱৰাত্ৰিৰ নৱমটো দিন অর্থাৎ মহা নৱমীত দেৱী দুর্গাক মা সিদ্ধিদাত্রীৰূপে আৰাধনা কৰা হয়। নৰমীৰ দিনটোতে দেৱীয়ে মহিষাসুৰক বধ কৰিছিল বাবে নৱমীৰ দিনা মহিষাসুৰমর্দিনীৰূপেও দেৱীক পূজা-অর্চনা কৰা হয়। মা সিদ্ধিদাত্রীয়ে ভক্তক সর্বতোপ্ৰকাৰে সিদ্ধি প্রদান কৰে। মহা নৱমীৰ দিনা সিদ্ধিদাত্রী পূজাৰ উপৰি কুমাৰী পূজা অনুষ্ঠিত হয়। এই উপলক্ষে পূজা মণ্ডপসমূহত ভক্তসকলে হাজাৰ হাজাৰ বন্তি প্রজ্বলন কৰি মাংগলিক পৰিৱেশৰ সৃষ্টি কৰিছে। তদুপৰি ৰাজ্যৰ প্ৰতিখন পূজাথলীতে পৱিত্ৰ মন্ত্রপাঠ, আৰতি, ধূপ-দ...