October 20, 2026 1:23 PM | Durga Puja Maha Navami

printer

শাৰদীয় দুর্গোৎসৱৰ আজি মহা নৱমী

শাৰদীয় দুর্গোৎসৱৰ আজি মহা নৱমী। নৱৰাত্ৰিৰ নৱমটো দিন অর্থাৎ মহা নৱমীত দেৱী দুর্গাক মা সিদ্ধিদাত্রীৰূপে আৰাধনা কৰা হয়। নৰমীৰ দিনটোতে দেৱীয়ে মহিষাসুৰক বধ কৰিছিল বাবে নৱমীৰ দিনা মহিষাসুৰমর্দিনীৰূপেও দেৱীক পূজা-অর্চনা কৰা হয়। মা সিদ্ধিদাত্রীয়ে ভক্তক সর্বতোপ্ৰকাৰে সিদ্ধি প্রদান কৰে। মহা নৱমীৰ দিনা সিদ্ধিদাত্রী পূজাৰ উপৰি কুমাৰী পূজা অনুষ্ঠিত হয়। এই উপলক্ষে পূজা মণ্ডপসমূহত ভক্তসকলে হাজাৰ হাজাৰ বন্তি প্রজ্বলন কৰি মাংগলিক পৰিৱেশৰ সৃষ্টি কৰিছে। তদুপৰি ৰাজ্যৰ প্ৰতিখন পূজাথলীতে পৱিত্ৰ মন্ত্রপাঠ, আৰতি, ধূপ-দীপ আৰু মংগলধবনিৰে মনোমোহা পৰিৱেশৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ উপৰি অসমৰ প্ৰাচীন দৌল-দেৱালয়সমূহত পৰম্পৰাগতভাৱে দুর্গা পূজা পালন কৰা হৈছে। সমগ্র অসমত ৯ হাজাৰৰো অধিক পূজা মণ্ডপত দেৱী দুর্গাক আৰাধনা কৰা হৈছে।

গুৱাহাটী মহানগৰীৰ ৬ শতাধিক পূজা মণ্ডপত দেৱী দুর্গাৰ আৰাধনাৰ বাবে অগণন ভক্তৰ সমাগম হৈছে। উগ্ৰতাৰা দেৱালয়তো নবমী তিথিৰ পূজা-অর্চনা অনুষ্ঠিত হৈছে। ছত্রাকাৰ দেৱালয়ৰ লগতে উত্তৰ গুৱাহাটীৰ দীর্ঘেশ্বৰী দেৱালয়তো পৰম্পৰাগতভাৱে দেৱীক আৰাধনা কৰা হৈছে।

কোকৰাঝাৰ জিলাৰ বিভিন্ন দুর্গাপূজা মণ্ডপত মহানবমী উপলক্ষে যথেষ্টসংখ্যক ভক্তৰ সমাগম পৰিলক্ষিত হৈছে। ধুবুৰীৰ কালীবাৰী পূজা মণ্ডপতো শাৰদীয় দুর্গোৎসৱৰ মহানবমী উপলক্ষে পুৱা চাৰে ৫ বজাৰ পৰা মহানৱৰ্মীৰ কল্পাৰম্ভ আৰু নৱমীৰ বিহিত পূজা-অর্চনা কৰা হৈছে। ধুবুৰী চহৰৰ ঐতিহাসিক কালীবাৰী পূজা সমিতিয়ে এইবেলি ৯৯ বছৰত ভৰি দিলে। প্রতি বছৰৰ দৰে এইবেলিও হাজাৰ হাজাৰ ভক্তৰ সমাগম হোৱা বুলি পূজা সমিতিৰ বিষয়ববীয়সকলে জানিবলৈ দিছে।

ডিব্ৰুগড়ৰ আহোম ৰাজত্ব কালৰেপৰা অনুষ্ঠিত হৈ অহা বকুলৰ দুর্গা পূজাস্থলীত ৰীতি-নীতি পৰম্পৰা ৰক্ষা কৰি আজি মহানবমী পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ প্ৰতিখন পূজা মণ্ডপতে মহা নৱমীৰ পূজা-অৰ্চনাৰ বাবে জনসমাগম দেখিবলৈ পোৱা গৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্যতম পুৰণি ধৰ্মীয় অনুষ্ঠান বৰকোনাৰ শ্ৰীশ্ৰী কালীধামত বিগত প্রায় ৮০ বছৰ ধৰি দুর্গা পূজা উদযাপন কৰি অহা হৈছে।

গোৱালপাৰা জিলাৰ ভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহতো পুৱাই ভক্তপ্ৰাণ ৰাইজে পূজা-অর্চনাত ভাগ লৈছে। জিলাখনৰ ১৪৩ টা মণ্ডপত দুর্গা পূজা অনুষ্ঠিত হৈছে।

শিলচৰতো পুৱাই পূজা মণ্ডপসমূহত দেৱী দুৰ্গাৰ আশীষ ল’বলৈ ভক্তৰ সমাগম ঘটিছে। শিলচৰৰ মালুগ্ৰামৰ দেৱীপ্রসাদ ভৱনত ৩০০ বছৰ ধৰি চলা দুর্গা পূজাখনৰ এইবাৰো প্ৰাচীন ৰীতি-নীতি অনুসৰি পূজা অনুষ্ঠিত হৈছে।

শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌলত আজি মহানৱমীৰ দিনা দেৱীৰ আশীষ ল’বলৈ পুৱাই ভক্তৰ সমাগম হৈছে।