শাৰদীয় দুর্গাপূজাৰ আজি মহা নৱমী। মহানৱমী উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে, যে নৱৰাত্ৰিয়ে সকলোৰে জীৱনত সু- ভৱিষ্যৎ, সমৃদ্ধি আৰু সাফল্য নিশ্চিত কৰিব। আজি দেৱী দুৰ্গাক সিদ্ধিদাত্ৰী ৰূপত পূজা-অৰ্চনা কৰা হৈছে। দেৱী দুৰ্গাৰ নৱম ৰূপৰ পূজা কৰাৰ লগতে আজিৰ দিনটোত কুমাৰী পূজাৰো আয়োজন কৰা হয়।
দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো দেৱী দুৰ্গাৰ মহানৱমী পূজা অনুষ্ঠিত হৈছে। অৱশ্যে শিল্পী জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে মহিষ মর্দিনী দুৰ্গাৰ আৰাধনা কৰিছে। ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপতে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ গান শুনিবলৈ পোৱা গৈছে। ভালেসংখ্যক পূজা সমিতিয়ে এইবাৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আড়ম্বৰপূৰ্ণ আয়োজন তথা সাংস্কৃতিক অনুষ্ঠানসমূহ বাতিল কৰিছে। জাক-জমকতাৰ বিপৰীতে বৈদিক ৰীতি-নীতি, মাংগলিক নিয়মেৰে দেৱী দুৰ্গাক ৰাজ্যবাসীয়ে আৰাধনা কৰিছে।
Assamese | October 1, 2025 9:07 PM | Akashvani | Akashvani News | Durga Puja | Durga Puja 2025
শাৰদীয় দুর্গাপূজাৰ মহানৱমী উপলক্ষে জনসাধাৰণক প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা