শিৱসাগৰ জিলাতো পূজা মণ্ডপসমূহ মণ্ডপসমূহত স্বনামধন্য শিল্পীসকলৰ ছবি অংকন কৰি সজাই-পৰাই তোলাৰ লগতে শক্তিৰূপা দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে জনসাধাৰণ সাজু হৈছে। গোলাঘাট জিলাতো পূজা উপলক্ষে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে।
কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় ইণ্ডিয়া ক্লাব এণ্ড থিয়েটিকেল ইনষ্টিটিউচন পূজা সমিতিত বন্তি প্ৰজ্বলন কৰি চলিত বৰ্ষৰ দুর্গোৎসৱ আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ড০ সৈকত পাত্র, উপ-মেয়ৰ উজ্জ্বল ফুকনকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ডিব্ৰুগড়ৰ চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক বকুলপুৰতো সম্পূৰ্ণ ৰীতি-নীতি আৰু পৰম্পৰাৰে দুৰ্গা পূজা উদযাপন কৰা হৈছে ।
কাছাৰ জিলাতো দুৰ্গা পূজাৰ উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। শিলচৰ মহানগৰীত কেইবাখনো পূজা মণ্ডপ কালি উদ্বোধন কৰা হয় ৷