গুৱাহাটীৰ সমান্তৰালকৈ ৰাজ্যৰ অন্যান্য স্থানসমূহতো উলহ মালহেৰে দুৰ্গা পূজা আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাত প্ৰায় ১২০ খনৰো অধিক পূজা অনুষ্ঠিত হৈছে। কালি ডিব্ৰুগড়ৰ কেইবাখনো পূজাথলীত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী বিমল বৰা, বিধায়ক প্রশান্ত ফুকন, চক্ৰধৰ গগৈকে ধৰি ভালেসংখ্যক লোক উপস্থিত হৈ দেৱীলৈ পূজা-অৰ্চনা আগবঢ়ায়।
ইপিনে দুৰ্গা পূজাৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় যান-বাহন আৰক্ষীয়ে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। লগতে শান্তিপূর্ণভাৱে শাৰদীয় দুর্গোৎসৱ উপভোগৰ বাবে সকলোকে আহ্বান জনাইছে।
বান-বিধবস্ত শিৱসাগৰ জিলাত দুৰ্গা পূজাৰ মণ্ডপসমূহ এইবেলি জাক-জমকতা পৰিহাৰ কৰি পূজা সমিতিসমূহে কম বাজেটৰ ভিতৰত থলুৱা সামগ্ৰীৰে সজাই তুলিছে। বিশেষকৈ ৬৬ বছৰীয়া শ্ৰী শ্ৰী নৱযুৱক দুর্গোৎসৱ সমিতিয়ে প্ৰায় চাৰিটা বাঁহৰ খৰাহীৰে পৰিৱেশ অনুকুল আকর্ষণীয় পূজাৰ মণ্ডপ তৈয়াৰ কৰিছে।
চৰাইদেউ জিলাৰ সোণাৰিতো কালিৰেপৰা শাৰদীয় দুর্গোৎসৱ আৰম্ভ হৈছে। সোণাৰি তিনিআলিৰ পূজা মণ্ডপ জিলাখনৰ আয়ুক্ত ড° নেহা যাদৱে কালি উদ্বোধন কৰে। এই কাৰ্যসূচীত সমষ্টিটোৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচৰ আদিকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে।
শিলচৰৰ কাঁচাকান্তি মন্দিৰত আজি সপ্তমীৰ পূজা-অৰ্চনা আৰম্ভ হৈছে। দেৱী দুৰ্গাৰ আশীষ বিচাৰি পুৱাৰেপৰা এই মন্দিৰত ৰাইজৰ সমাৱেশ দেখা গৈছে।
১৮ শতিকাত কছাৰী ৰজাই নিৰ্মাণ কৰা এই কাঁচাকান্তি মন্দিৰৰ দুৰ্গা পূজা ভাগলৈ মানুহৰ আকৰ্ষণ আজিও অব্যাহত আছে। ইফালে, জিলাখনৰ অম্বিকাপুৰ পূৰ্বপাৰা পূজা, চৌৰংগীৰ দুৰ্গাপূজা, দক্ষিণ অম্বিকাপুৰ শ্মশান ৰোডৰ দুৰ্গা পূজাসমূহলৈও জনসাধাৰণৰ আকৰ্ষণ পূৰ্বৰ দৰেই অব্যাহত আছে বুলি আমাৰ শিলচৰৰ সংবাদদাতাই জনাইছে।
চিৰাং জিলাতো কালিৰেপৰা বিভিন্ন মঠ-মন্দিৰ, পূজাথলীত শাৰদীয় দুর্গোৎসৱ আৰম্ভ হৈছে। জিলাখনৰ বিজনী, ২ নম্বৰ ভেটাগাঁৱৰ বুঢ়ী ঠাকুৰাণী থানাত আজি সপ্তমীৰ পূজা-অৰ্চনা যথাবিহিত নীতি-নিয়মেৰে আৰম্ভ হৈছে। একেদৰে চিদলী দুর্গা মন্দিৰ, শিৱশংকৰ কলনী আদিতো আটক ধুনীয়াকৈ দুর্গোৎসৱ পালন কৰা হৈছে ।
ধুবুৰী জিলাত দুৰ্গা পূজাৰ ব্যাপক আয়োজন কৰা হৈছে বুলি আমাৰ ধুবুৰীৰ সংবাদদাতাই জনাইছে। জিলাখনৰ হৰিসভা মন্দিৰ, গৌৰীপুৰ, মহামায়া, খেলপথাৰ আদিত দুর্গোৎসৱ অনুষ্ঠিত হৈছে।