উখল-মাখল পৰিবেশত অসমবাসীৰ দুর্গা পূজাৰ পবিত্র মহা সপ্তমী পালন

শৰতৰ শেৱালিৰ সুৱাস, ধূপ-ধূনাৰ সুগন্ধি আৰু ঢাক-ঢোলৰ মংগলধবনিৰ মাজত আজি ৰাজ্যজুৰি উখল-মাখল পৰিবেশত দুর্গা পূজাৰ পবিত্র মহা সপ্তমী পালন কৰা হৈছে। এইবাৰ তিথি অনুসৰি সপ্তমী পূজা দুদিনীয়াকৈ পালন কৰা হৈছে।

আজি সপ্তমীৰ দ্বিতীয় দিনাৰ পৱিত্ৰ ক্ষণত পুৱাৰে পৰা পুজা মণ্ডপসমূহত শক্তিৰ অধিষ্ঠাত্রী দেবী মহিষমর্দিনীৰ পূজা-অর্চনা চলিছে। সপ্তমীত দেৱী দুর্গাক কালৰাত্ৰী ৰূপত আৰাধনা কৰা হয়। কাইলৈ মহা অষ্টমী তিথিত দেৱীক মহাগৌৰীৰ ৰূপত পূজা-অৰ্চনা কৰা হ’ব।

আধুনিক পূজা মণ্ডপৰ বৰ্ণিল আলোক সজ্জা আৰু অসমৰ প্ৰাচীন দৌল-দেৱালসমূহত পৰম্পৰাগতভাবে দুর্গা পূজা পালন কৰা হৈছে। সমগ্ৰ অসমত ৯ হাজাৰৰো অধিক পূজা মণ্ডপত দেৱী দুর্গাক আৰাধনা কৰা হৈছে। গুৱাহাটী মহানগৰীৰ ৬ শতাধিক পূজা মণ্ডপত দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে অগণন ভক্তৰ সমাগম হৈছে।

মহানগৰীৰ লতাশিল, গণেশগুৰি, গীতানগৰ, বিষ্ণুপুৰ, কালীবাৰী, পাণ্ডুকে ধৰি বিভিন্ন স্থানত পূজা মণ্ডপসমূহ দৃষ্টিনন্দন ৰূপত সজাই তোলা হৈছে। গুৱাহাটী উগ্ৰতাৰা আৰু চত্ৰাকাৰ দেৱালয়ৰ লগতে উত্তৰ গুৱাহাটীৰ দীর্ঘেশ্বৰী দেৱালয়তো পৰম্পৰাগতভাৱে দেৱীক আৰাধনা কৰা হৈছে।

বজালী জিলাৰ সদৰ পাঠশালাৰ ভগৱতী ক্ষেত্র, শ্ৰীশ্ৰীপৰি হৰেশ্বৰ দেৱালয়, পাটাছাৰকুছি, বাঘমাৰা, তালতল আদিকে ধৰি বিভিন্ন অঞ্চলত দুর্গা পূজাৰ আয়োজন কৰা হৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে বজালী জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ চৌহদত বজালী আৰক্ষীৰ বিষয়া-কর্মচাৰীসকলৰ উদ্যোগত দুর্গাপূজা অনুষ্ঠিত হৈছে।

লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ ঐতিহাসিক শ্রীশ্রীঈশ্বৰী হাৰ্হি দেৱালয়তো আৰাধনা কৰা হৈছে। ৩০৪ বছৰীয়া পুৰণি ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি দেৱালয়ত উলহ-মালহেৰে শাৰদীয় দুর্গোৎসব অনুষ্ঠিত হৈছে।

ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ থকা ঐতিহ্যমণ্ডিত শক্তিপীঠসমূহো ধর্মীয় পৰম্পৰা আৰু ভক্তিৰসৰ এক অপূর্ব মিলনভূমিত পৰিণত হৈছে।

নলবাৰীৰ ঐতিহাসিক বিশ্বেশ্বৰ দেৱালয়, তেজপুৰৰ ভৈৰৱী দেৱালয়, ঢেকীয়াজুলিৰ শিঙৰি, বিশ্বনাথৰ কামেশ্বৰ দেৱালয়, গোলাঘাটৰ নেঘেৰীটিং, শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰ, কেচাইখাটি গোঁসানী থান, নগাঁৱৰ শিলঘাট কামাখ্যা, ধুবুৰীৰ তামাৰহাট আদিতো পৰম্পৰাগত ৰীতি-নীতিৰে দেৱীক পূজা অর্চনা কৰা হৈছে। হাতত পূজাৰ শৰাই লৈ হাজাৰ হাজাৰ আবাল বৃদ্ধ বনিতাই যেনেকৈ দেৱীৰ চৰণত ভিৰ কৰিছে, ঠিক তেনেকৈ পূজাৰ আনন্দ দুগুণ কৰি মণ্ডপৰ আশে-পাশে থকা খাদ্য বিপণীবোৰতো গ্ৰাহকৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে।

 ইপিনে, কেবাখনো জিলা প্রশাসনে বিজয়া দশমী উপলক্ষে অহা ২১ অক্টোবৰ বুধবাৰে সুৰা নিষিদ্ধ ঘোষণা কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।