October 18, 2026 6:54 PM

views 6

উখল-মাখল পৰিবেশত অসমবাসীৰ দুর্গা পূজাৰ পবিত্র মহা সপ্তমী পালন

শৰতৰ শেৱালিৰ সুৱাস, ধূপ-ধূনাৰ সুগন্ধি আৰু ঢাক-ঢোলৰ মংগলধবনিৰ মাজত আজি ৰাজ্যজুৰি উখল-মাখল পৰিবেশত দুর্গা পূজাৰ পবিত্র মহা সপ্তমী পালন কৰা হৈছে। এইবাৰ তিথি অনুসৰি সপ্তমী পূজা দুদিনীয়াকৈ পালন কৰা হৈছে। আজি সপ্তমীৰ দ্বিতীয় দিনাৰ পৱিত্ৰ ক্ষণত পুৱাৰে পৰা পুজা মণ্ডপসমূহত শক্তিৰ অধিষ্ঠাত্রী দেবী মহিষমর্দিনীৰ পূজা-অর্চনা চলিছে। সপ্তমীত দেৱী দুর্গাক কালৰাত্ৰী ৰূপত আৰাধনা কৰা হয়। কাইলৈ মহা অষ্টমী তিথিত দেৱীক মহাগৌৰীৰ ৰূপত পূজা-অৰ্চনা কৰা হ'ব। আধুনিক পূজা মণ্ডপৰ বৰ্ণিল আলোক সজ্জা আৰু অসমৰ প্ৰাচীন দৌল-দেৱালস...