পশ্চিমবংগৰ উত্তৰ কলকাতাৰ চোৰবাগান দুর্গাপূজা মণ্ডপত যোৱা নিশা হোৱা ঠেলা-হেঁচাৰ ঘটনাত পদপিষ্ঠ হৈ কমেও ১৯ জন লোকে প্রাণ হেৰুৱায় আৰু অন্য ২৫ জন আহত হয়। প্রাপ্ত বাতৰি অনুসৰি ধাৰাষাৰ বৰষুণ আৰু ভক্তৰ আকষ্মিক বৃদ্ধিৰ বাবে এই অঘটনটো ঘটে। ভিৰত কেইবাজনো লোক বাগৰি পৰে আৰু লৰা-ঢপৰা লাগে।
আহতসকলক ততাতৈয়াকৈ কলকাতা চিকিৎসা মহাবিদ্যালয় হাস্পতাল, আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয় আৰু এন আৰ এছ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয়।
পশ্চিমবংগৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰী, ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলে চিকিৎসালয়লৈ গৈ আহতসকলৰ বুজ লয় আৰু চিকিৎসাৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে এই ঘটনাত প্রাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ ২৫ লাখ টকাকৈ সাহায্য আৰু পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদানৰ কথা ঘোষণা কৰে।
ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক লৈ গভীৰ শোকপ্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি মুর্মুৱে সামাজিক মাধ্যম দিয়া এটা বাৰ্তাত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
উপ ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণেও ঘটনাক লৈ সমবেদনা জ্ঞাপন কৰিছে আৰু আহতসকল শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই হেঁচা-ঠেলাৰ ঘটনাক পীড়াদায়ক বুলি অভিহিত কৰি ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ শোকপ্রকাশ কৰিছে। আহতসকলৰ আশু আৰোগ্য কামনা কৰি শ্রীমোদীয়ে কয়, যে পশ্চিমবংগ চৰকাৰে প্ৰভাৱিত লোকসকললৈ যথা সম্ভৱ সাহায্য আগবঢ়াইছে।
তেওঁ লগতে এই ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন লোকলৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মায়ো কলকাতাৰ ঠেলা-হেঁচাৰ ঘটনাক লৈ গভীৰ শোকপ্ৰকাশ কৰিছে। ড° শর্মাই সামাজিক মাধ্যম যোগে দিয়া এটা শোকবার্তাত কয়, যে এই দুখৰ মুহূৰ্তত প্রতিবেশী হিচাপে ঘটনাৰ বলি হোৱা প্ৰতিগৰাকী লোকৰ সৈতে অসমৰ ৰাইজৰ সমবেদনা আছে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।