October 18, 2026 11:27 AM
6
কলকাতাৰ চোৰবাগানত পদপিষ্ট হৈ কমেও ১৯ জন লোকৰ মৃত্যু। ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি, প্রধানমন্ত্রী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শোকপ্রকাশ
পশ্চিমবংগৰ উত্তৰ কলকাতাৰ চোৰবাগান দুর্গাপূজা মণ্ডপত যোৱা নিশা হোৱা ঠেলা-হেঁচাৰ ঘটনাত পদপিষ্ঠ হৈ কমেও ১৯ জন লোকে প্রাণ হেৰুৱায় আৰু অন্য ২৫ জন আহত হয়। প্রাপ্ত বাতৰি অনুসৰি ধাৰাষাৰ বৰষুণ আৰু ভক্তৰ আকষ্মিক বৃদ্ধিৰ বাবে এই অঘটনটো ঘটে। ভিৰত কেইবাজনো লোক বাগৰি পৰে আৰু লৰা-ঢপৰা লাগে। আহতসকলক ততাতৈয়াকৈ কলকাতা চিকিৎসা মহাবিদ্যালয় হাস্পতাল, আৰ জি ক'ৰ চিকিৎসা মহাবিদ্যালয় আৰু এন আৰ এছ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয়। পশ্চিমবংগৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰী, ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়...