ফ্ৰান্সত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হিংসাত্মক সংঘর্ষ, ব্যাপক লুণ্ঠন আৰু একাধিক অগ্নিকাণ্ডৰ ঘটনাই দেশখনৰ কেইবাখনো চহৰ জোকাৰি গৈছে। এই পৰিস্থিতিত ১২শৰো অধিক লোক গ্ৰেপ্তাৰ হৈছে আৰু প্ৰায় ১৫০ গৰাকী আৰক্ষী বিষয়া আহত হৈছে।
জীৱন ধাৰণৰ বৰ্ধিত ব্যয়ৰ বিৰুদ্ধে কালি সমগ্র দেশজুৰি হোৱা বিক্ষোভৰ সময়তে এই হিংসাত্মক পৰিস্থিতিৰ সূত্রপাত ঘটে। শান্তিপূর্ণ সমদলেৰে আৰম্ভ হোৱা এই কার্যসূচীয়ে পথ-সংঘৰ্ষৰ ৰূপ লয়।
একাংশ মুখা পিন্ধা লোকে ঐতিহাসিক আৰু চৰকাৰী ভৱনত অগ্নিসংযোগ কৰাৰ লগতে বাহন জ্বলাই দিয়ে, দোকান-পোহাৰ লুণ্ঠন কৰে আৰু ৰাজহুৱা সম্পত্তি ধ্বংস কৰে। লিমোজেছ, লিয়, মার্চেই আৰু লীল চহৰত সৰ্বাধিক ক্ষয়-ক্ষতিৰ বাতৰি পোৱা গৈছে।
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাত্রু’ই এই ধংসলীলা, অগ্নিসংযোগ আৰু লুণ্ঠনৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰি শাস্তি প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰিছে।
ফ্ৰান্সৰ প্রধানমন্ত্রী চেবাষ্টিয়ান লেকণুৱে এই ঘটনাৰ নিন্দা কৰি ইয়াক চূড়ান্ত পৰ্যায়ৰ বুলি অভিহিত কৰে। এই প্রতিবাদত প্রায় ৫ লাখ ৫০ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰাৰ বিপৰীতে চি.জি.টি. ট্রেড ইউনিয়নে এই সংখ্যা প্রায় ৮ লাখ বুলি অনুমান কৰিছে। একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ লক্ষ্য কৰি বিভিন্ন বস্তু নিক্ষেপ কৰাৰ ফলত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু পানী হিলৈ নিক্ষেপ কৰে।
মধ্য ফ্ৰান্সৰ লিমোজেছত মুখা পিন্ধা প্রতিবাদকাৰীয়ে ঊনবিংশ শতিকাৰ ঐতিহাসিক পৌৰসভা ভৱনটোত প্ৰৱেশ কৰি জুই লগাই দিয়াৰ ফলত ইয়াৰ বিস্তৰ ক্ষতিসাধন হয়।
লিয়ৰ প্লেচ বেলেকুৰৰ ওচৰত থকা এটা পর্যটন কার্যালয়তো অগ্নিসংযোগ কৰা হয়। একে সময়তে প্ৰতিবাদকাৰীসকলে মার্চেই আৰু লীলৰ পৌৰসভা ভৱনসমূহতো বলপূর্বকভাৱে প্ৰৱেশ কৰি চৌহদটো ভাঙি-চিঙি আচবাব-পত্ৰৰ ক্ষতিসাধন কৰে। বৰ্ডক্সত আৰক্ষীৰ চৌহদত আক্ৰমণ চলোৱাৰ লগতে লিয়ত এটা পর্যটন কার্যালয় জ্বলাই দিয়া হয়।
পেৰিছ, মার্চেই, নিচ, নতেছ, বর্ডক্স, লীল, টুলুজ আৰু ষ্ট্ৰাছবার্গসহ (Strasbourg) কেইবাখনো ডাঙৰ চহৰৰ পৰা লুণ্ঠন আৰু অগ্নিসংযোগৰ খবৰ আহিছে। ছুপাৰমার্কেট, ফাৰ্মাচী, কাপোৰৰ দোকান আৰু বিলাসী বিপণীসমূহক লক্ষ্য কৰি আক্ৰমণ চলোৱা হৈছিল।
এই পৰিস্থিতিয়ে ফ্ৰান্সৰ ৰাজনৈতিক পৰিস্থিতি অশান্ত কৰাৰ লগতে সমাগত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্রাকক্ষণত বিৰোধী নেতাসকলে এই হিংসাত্মক ঘটনাক লৈ পৰস্পৰে পৰস্পৰক দোষাৰোপ কৰিছে।
ইন্ধনৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে ২০১৮ চনত প্ৰথমবাৰৰ বাবে বিশেষ চর্চালৈ অহা ‘য়েল্লো ভেষ্ট’ আন্দোলনৰ সমৰ্থকসকলে এই প্রতিবাদী সমদলৰ আহ্বান জনাইছিল। মূলত জীৱন ধাৰণৰ বাঢ়ি অহা খৰচৰ লগতে অৰ্থনৈতিক বৈষম্য, ৰাজনৈতিক নেতৃত্ব আৰু ধন-সম্পদৰ কেন্দ্ৰীকৰণক লৈ সৃষ্টি হোৱা ক্ষোভৰ ফলতেই এই গণ-জাগৰণৰ সৃষ্টি হয়।
পেৰিছ আৰু আন কেইবাখনো চহৰত প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল’গান দিয়াৰ লগতে একাংশই ইয়াক ১৭৮৯ চনৰ ফৰাচী বিপ্লৱৰ সৈতেও তুলনা কৰে। হিংসা আৰু ৰাজহুৱা সম্পত্তিৰ ক্ষয়-ক্ষতিৰ তদন্ত চলাই থকাৰ মাজতে কর্তৃপক্ষই আইন-শৃংখলা ৰক্ষাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।