October 18, 2026 12:06 PM
6
ফ্রান্সত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজৰ সংঘৰ্ষৰ ঘটনাই দেশখনৰ কেইবাখনো চহৰ জোঁকাৰি গৈছে
ফ্ৰান্সত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হিংসাত্মক সংঘর্ষ, ব্যাপক লুণ্ঠন আৰু একাধিক অগ্নিকাণ্ডৰ ঘটনাই দেশখনৰ কেইবাখনো চহৰ জোকাৰি গৈছে। এই পৰিস্থিতিত ১২শৰো অধিক লোক গ্ৰেপ্তাৰ হৈছে আৰু প্ৰায় ১৫০ গৰাকী আৰক্ষী বিষয়া আহত হৈছে। জীৱন ধাৰণৰ বৰ্ধিত ব্যয়ৰ বিৰুদ্ধে কালি সমগ্র দেশজুৰি হোৱা বিক্ষোভৰ সময়তে এই হিংসাত্মক পৰিস্থিতিৰ সূত্রপাত ঘটে। শান্তিপূর্ণ সমদলেৰে আৰম্ভ হোৱা এই কার্যসূচীয়ে পথ-সংঘৰ্ষৰ ৰূপ লয়। একাংশ মুখা পিন্ধা লোকে ঐতিহাসিক আৰু চৰকাৰী ভৱনত অগ্নিসংযোগ কৰাৰ লগতে বাহন জ্বলাই দিয়ে, দোকান-পোহাৰ ল...