মাজুলী ওপৰ সোণোৱাল কাংকান ক্লাবৰ উদ্যোগত আৰু প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সহযোগত প্রাইজমানি ফুটবল প্রতিযোগিতা ২০২৬ আৰম্ভ

মাজুলী ওপৰ সোণোৱাল কাংকান ক্লাবৰ উদ্যোগত আৰু প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সহযোগত প্রাইজমানি ফুটবল প্রতিযোগিতা ২০২৬ আৰম্ভ হৈছে।

মাজুলীৰ বিশিষ্ট শিক্ষাবিদ ড০ আনন্দ হাজৰিকাই শুভাৰম্ভ কৰা উদ্বোধনী খেলখন কাৰছাং ফুটবল একাদশ আৰু ডি জে ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়।

মুঠ ১৬টা দলৰ মাজত হ’বলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ উপভোগ কৰিবলৈ ভালেসংখ্যক দৰ্শকৰ আগমন হোৱা পৰিলক্ষিত হৈছে। কাংকন চাপৰি খেলপথাৰত চলি থকা এই প্ৰতিযোগিতা অহা ১২ জুলাইত অন্ত পৰিব।