September 10, 2026 2:53 PM

views 14

দুলীয়াজানৰ নেহৰু ময়দানত ২১ ছেপ্তেম্বৰৰ পৰা ৩ অক্টোবৰলৈ নৱম অইল ইণ্ডিয়া গ’ল্ড কাপ ফুটবল প্রতিযোগিতা

অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত আৰু ভাৰতীয় ফুটবল সংস্থা তথা অসম ফুটবল সংস্থাৰ তত্বাৱধানত দুলীয়াজানৰ নেহৰু ময়দানত অহা ২১ ছেপ্তেম্বৰৰ পৰা ৩ অক্টোবৰলৈ নৱম অইল ইণ্ডিয়া গ’ল্ড কাপ ফুটবল প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। উদযাপন সমিতিৰ সভাপতি মাধুৰ্য বৰুৱাই এটা বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰা মতে প্রতিযোগিতাত স্পর্টছ ক্লাৱ দিল্লী, শ্বিলং লাজং এফ চি, পাঞ্জাব এফ চি, নৰ্থ ইষ্ট ইউনাইটেড এফ চি, গুৱাহাটী, সুদেফা এফ চি দিল্লী, এন আৰ এল নুমলীগড়, লেঅ'লেন এফ চি শিলচৰকে ধৰি কেইবাটাও আগশাৰীৰ ফুটবল দলে অংশগ্রহণ কৰিব। প...

September 7, 2026 2:08 PM

views 12

২০ বছৰ অনুৰ্ধ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাত ভাৰতে কুৰি বছৰ পাছত মূল প্রতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে

২০ বছৰ অনুৰ্ধ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাত ভাৰতে কুৰি বছৰ পাছত মূল প্রতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে। কালি টাস্কেণ্টত অনুষ্ঠিত যোগ্যতা নির্ণয়কাৰী চূড়ান্ত খেলখনত বাংলাদেশক ৩-০ গ'লত পৰাস্ত কৰি ভাৰত মূল প্রতিযোগিতালৈ যোগ্যতা অর্জন কৰিছে। উল্লেখযোগ্য যে এই প্রতিযোগিতা অহা বছৰৰ ২৪ মাৰ্চৰ পৰা ১০ এপ্ৰিললৈ চীনত অনুষ্ঠিত হ'ব।

September 7, 2026 1:16 PM

views 17

৪৬ সংখ্যক নৰোৰাম বৰ্মন সোঁৱৰণী ফুটবল প্রতিযোগিতাত নৰ্থ-ইষ্ট ইউনাইটেড এফ চিৰ চূড়ান্ত বিজয়ীৰ সন্মান

৪৬ সংখ্যক নৰোৰাম বৰ্মন সোঁৱৰণী ফুটবল প্রতিযোগিতাত নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে। নলবাৰীৰ চামতা আঞ্চলিক ক্রীড়া সংঘৰ খেলপথাৰত কালি অনুষ্ঠিত খেলখনত নৰ্থ-ইষ্ট ইউনাইটেডে অইল ইণ্ডিয়া এফ চিক ৩-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰে।

September 7, 2026 1:12 PM

views 16

মাজুলীভিত্তিক প্রাইজমানি ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেলত প’ল’ এফ চিয়ে কাপুৰ্ণগুলি এফ চিক ১-০ গ’লত পৰাস্ত

পূব মাজুলীৰ বনগাঁও আঞ্চলিক তৰুণ ক্লাবৰ উদ্যোগত অনুষ্ঠিত মাজুলীভিত্তিক প্রাইজমানি ফুটবল প্রতিযোগিতা কালি অনুষ্ঠিত চূড়ান্ত খেলত প’ল' এফ চিয়ে কাপুৰ্ণগুলি এফ চিক ১-০ গ’লত পৰাস্ত কৰে। তৰুণ ক্লাবৰ ৭৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই প্রতিযোগিতাত ২০ টা দলে অংশগ্ৰহণ কৰিছিল। মাজুলী জিলাৰ সহকাৰী আয়ুক্ত অনুৰাগ পিতাম্বৰ বৰবৰাই কালি বনগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ খেল-পথাৰত অনুষ্ঠিত চূড়ান্ত খেলখন উদ্বোধন কৰে।

September 7, 2026 12:49 PM

views 27

বিশ্বনাথত পঞ্চম বার্ষিক শ্বহীদ বীৰছা মুণ্ডা সদৌ অসম ভিত্তিত ফুটবল প্রতিযোগিতা উদ্বোধন বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাসৰ

বিশ্বনাথ জিলাৰ বিহালী চাহ বাগিচা খেল-পথাৰত কালি বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাসে পঞ্চম বার্ষিক শ্বহীদ বীৰছা মুণ্ডা সদৌ অসম ভিত্তিত ফুটবল প্রতিযোগিতা উদ্বোধন কৰে। পঞ্চম অসম কমাণ্ডো বেটেলিয়ন আৰু বিহালী ফুটবল একাদশৰ মাজত অনুষ্ঠিত উদ্বোধনী খেলখন নিৰ্ধাৰিত সময়ত ১-১ গ’লত ড্র' হোৱাত টাইব্ৰেকাৰৰ জৰিয়তে অসম কমাণ্ডো বেটেলিয়নে জয়লাভ কৰে। এই প্রতিযোগিতাত মাহৌৰ টাউন ক্লাব, ডিমা হাচাও, টিউলিপ একাডেমী, তেজপুৰ টাউন ক্লাব আৰু কাজিৰঙা ফুটবল একাদশৰ লগতে কেইবাটাও আগশাৰীৰ দলে অংশ লৈছে।

August 19, 2026 6:59 PM

views 40

সন্ধিয়া ৭ বজাত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগল এফ চি, স্পটিং ক্লাৱ দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগল এফ চি, স্পটিং ক্লাৱ দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব।

August 13, 2026 4:13 PM

views 18

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত গ্রুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড এফ চি, কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ

১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত হ'বলগীয়া গ্রুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড এফ চি, কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৪ বজাত আৰম্ভ হ'ব। বড়োলেণ্ড এফ চিয়ে আজিৰ খেলখনত কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিক বৃহৎ ব্যৱধানত পৰাস্ত কৰিব পাৰিলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব পাৰিব। অৱশ্যে প্ৰথম দুখন খেলত পৰাভূত হৈ নকআউটৰ সমীকৰণৰ পৰা বাহিৰ হোৱা কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিৰ বাবে আজিৰ খেলখন গুৰুত্বহীন।

July 30, 2026 4:06 PM

views 35

নৌ সেনাৰ ফুটবল দলে আজি ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত অভিযান আৰম্ভ কৰিব

নৌ সেনাৰ ফুটবল দলে আজি ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত অভিযান আৰম্ভ কৰিব। মণিপুৰৰ ৰাজধানী ইম্ফলত হ'বলগীয়া গ্রুপ ডিৰ লীগ পর্যায়ৰ দ্বিতীয়খন খেলত নৌসেনাৰ দলটো এফ চি ৰেংডাই দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৪ বজাত আৰম্ভ হ'ব। ইপিনে, কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত আজি সন্ধিয়া ৭ বজাত হ'বলগীয়া প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত ছমলেশ্বৰী স্পোর্টিং দল বাগপট এফ চিৰ সন্মুখীন হ'ব।

July 29, 2026 2:27 PM

views 37

১৩৫ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতা শুভাৰম্ভ

মণিপুৰ চৰকাৰৰ সহযোগত ভাৰতীয় সশস্ত্র বাহিনীয়ে আয়োজন কৰা ১৩৫ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতা কালি ৰাজ্যখনৰ খুমান লম্পক মূল ষ্টেডিয়ামত শুভাৰম্ভ কৰা হয়। উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ চহকী ক্রীড়া ঐতিহ্য, ভাৰতীয় সশস্ত্র বাহিনীৰ যুদ্ধ পৰম্পৰাৰ প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে ২৫ জুলাইৰ পৰা ২৩ আগষ্টলৈকে কলকাতা, ৰাঁচী, গুৱাহাটী, শ্বিলং আৰু ইম্ফলত এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত শ্ৰীলংকাৰ সশস্ত্ৰ বাহিনীৰ এটা দলকে ধৰি ২৪ টা দলে ৪৩ খন খেলত অংশ ল'ব। কালিৰ উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল ...

July 13, 2026 5:44 PM

views 74

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত বুধবাৰে হ’বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্রান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত অহা বুধবাৰে হ’বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্রান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত আৰম্ভ হ'ব। প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত আৰম্ভ হ'ব। ছেমি ফাইনেলত বিজয়ী হোৱা দল দুটাই অহা ২০ জুলাইত নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আনহাতে ছেমি ফাইনেলত পৰাজিত দুটা দলে ১৯ জুলাই...