১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত হ’বলগীয়া গ্রুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড এফ চি, কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
খেলখন বিয়লি ৪ বজাত আৰম্ভ হ’ব। বড়োলেণ্ড এফ চিয়ে আজিৰ খেলখনত কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিক বৃহৎ ব্যৱধানত পৰাস্ত কৰিব পাৰিলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব পাৰিব।
অৱশ্যে প্ৰথম দুখন খেলত পৰাভূত হৈ নকআউটৰ সমীকৰণৰ পৰা বাহিৰ হোৱা কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিৰ বাবে আজিৰ খেলখন গুৰুত্বহীন।