২০ বছৰ অনুৰ্ধ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাত ভাৰতে কুৰি বছৰ পাছত মূল প্রতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে। কালি টাস্কেণ্টত অনুষ্ঠিত যোগ্যতা নির্ণয়কাৰী চূড়ান্ত খেলখনত বাংলাদেশক ৩-০ গ’লত পৰাস্ত কৰি ভাৰত মূল প্রতিযোগিতালৈ যোগ্যতা অর্জন কৰিছে। উল্লেখযোগ্য যে এই প্রতিযোগিতা অহা বছৰৰ ২৪ মাৰ্চৰ পৰা ১০ এপ্ৰিললৈ চীনত অনুষ্ঠিত হ’ব।
Assamese | September 7, 2026 2:08 PM | Akashvani | Akashvani News | Football | SPORTS
২০ বছৰ অনুৰ্ধ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাত ভাৰতে কুৰি বছৰ পাছত মূল প্রতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে