বিশ্বনাথত পঞ্চম বার্ষিক শ্বহীদ বীৰছা মুণ্ডা সদৌ অসম ভিত্তিত ফুটবল প্রতিযোগিতা উদ্বোধন বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাসৰ

বিশ্বনাথ জিলাৰ বিহালী চাহ বাগিচা খেল-পথাৰত কালি বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাসে পঞ্চম বার্ষিক শ্বহীদ বীৰছা মুণ্ডা সদৌ অসম ভিত্তিত ফুটবল প্রতিযোগিতা উদ্বোধন কৰে।

পঞ্চম অসম কমাণ্ডো বেটেলিয়ন আৰু বিহালী ফুটবল একাদশৰ মাজত অনুষ্ঠিত উদ্বোধনী খেলখন নিৰ্ধাৰিত সময়ত ১-১ গ’লত ড্র’ হোৱাত টাইব্ৰেকাৰৰ জৰিয়তে অসম কমাণ্ডো বেটেলিয়নে জয়লাভ কৰে।

এই প্রতিযোগিতাত মাহৌৰ টাউন ক্লাব, ডিমা হাচাও, টিউলিপ একাডেমী, তেজপুৰ টাউন ক্লাব আৰু কাজিৰঙা ফুটবল একাদশৰ লগতে কেইবাটাও আগশাৰীৰ দলে অংশ লৈছে।