September 7, 2026 12:49 PM

views 19

বিশ্বনাথত পঞ্চম বার্ষিক শ্বহীদ বীৰছা মুণ্ডা সদৌ অসম ভিত্তিত ফুটবল প্রতিযোগিতা উদ্বোধন বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাসৰ

বিশ্বনাথ জিলাৰ বিহালী চাহ বাগিচা খেল-পথাৰত কালি বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাসে পঞ্চম বার্ষিক শ্বহীদ বীৰছা মুণ্ডা সদৌ অসম ভিত্তিত ফুটবল প্রতিযোগিতা উদ্বোধন কৰে। পঞ্চম অসম কমাণ্ডো বেটেলিয়ন আৰু বিহালী ফুটবল একাদশৰ মাজত অনুষ্ঠিত উদ্বোধনী খেলখন নিৰ্ধাৰিত সময়ত ১-১ গ’লত ড্র' হোৱাত টাইব্ৰেকাৰৰ জৰিয়তে অসম কমাণ্ডো বেটেলিয়নে জয়লাভ কৰে। এই প্রতিযোগিতাত মাহৌৰ টাউন ক্লাব, ডিমা হাচাও, টিউলিপ একাডেমী, তেজপুৰ টাউন ক্লাব আৰু কাজিৰঙা ফুটবল একাদশৰ লগতে কেইবাটাও আগশাৰীৰ দলে অংশ লৈছে।

August 11, 2026 11:47 AM

views 10

সমাগত স্বাধীনতা দিৱসলৈ মাজত মাথোঁ ৩টা দিন বাকী

সমাগত স্বাধীনতা দিৱসলৈ মাজত মাথোঁ ৩টা দিন বাকী থকা অৱস্থাত বিশ্বনাথ চাৰিআলিৰ গহপুৰত এই দিৱস উদযাপনৰ ব্যাপক প্রস্তুতি চলি আছে। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে গহপুৰ সমজিলা কাৰ্যালয়ৰ সন্মুখত অসম আৰক্ষী, এন চি চি কেডেট, স্কাউট-গাইড আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে নিতৌ কেৰ্ডেৰ অনুশীলনত ব্যস্ত হৈ পৰিছে। স্বাধীনতা দিৱসৰ দিনা দেশপ্রেমমূলক কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনৰ লগতে শিল্প-সাহিত্য আৰু বিভিন্ন দিশত সমাজৰ বাবে অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব বুলি বিশ্বন...

July 13, 2026 6:11 PM

views 17

বিশ্বনাথৰ গহপুৰত বিধায়ক উৎপল বৰাই চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰ দ্বাৰা এটা অতিথি গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে

বিশ্বনাথ জিলাৰ গহপুৰত বিধায়ক উৎপল বৰাই আজি চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰ দ্বাৰা এটা অতিথি গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। বিৰাংগনা সতী সাধনী সমন্বয় ক্ষেত্ৰত স্থাপন কৰা এই অতিথি গৃহৰ লগতে প্রয়াত কোষেশ্বৰ বৰুৱা গ্ৰন্থাগাৰ আৰু প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰা হয়। এই অনুষ্ঠানত চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুল কমল বৰুৱাৰ লগতে পৰিষদৰ অন্যান্য বিষয়ববীয়া আৰু ভালেসংখ্যক লোকে অংশগ্রহণ কৰে৷

June 15, 2026 1:43 PM

views 32

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিহমাৰী খেলপথাৰত অনুষ্ঠিত এদিনীয়া আমন্ত্রণমূলক ভলীবল প্রতিযোগিতাৰ কালি সামৰণি পৰে

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিহমাৰী খেলপথাৰত অনুষ্ঠিত এদিনীয়া আমন্ত্রণমূলক ভলীবল প্রতিযোগিতাৰ কালি সামৰণি পৰে। এই প্ৰতিযোগিতাত বিশ্বনাথ ছিক্সষ্টাৰ ক্লাব, গহপুৰ আৰ কে ভি চি, উদ্দীপ্ত চ’ৰা, অৰুণাচল প্ৰদেশৰ টাৰাচু, ৰামঘাট ভলীবল দলকে ধৰি কেইবাটাও আগশাৰীৰ দলে অংশগ্রহণ কৰে৷

June 12, 2026 6:15 PM

views 20

বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে আজি বিশ্বনাথ জিলা ভ্ৰমণ কৰে

ৰাজ্য চৰকাৰৰ শিক্ষা, জনজাতি পৰিক্রমা, তথ্য প্রযুক্তি বিভাগ আৰু বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে আজি বিশ্বনাথ জিলা ভ্ৰমণ কৰে। ভ্ৰমণ কালত মন্ত্ৰী ডাঃ পেগুৱে জিলাখনৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। জিলা আয়ুক্তৰ সন্মিলন কক্ষত অনুষ্ঠিত এই বৈঠক মন্ত্রী ডাঃ পেগুৰ সৈতে সাংসদ ৰঞ্জিত দত্ত, বিধায়ক পল্লৱ লোচন দাস, মুনীন্দ্ৰ দাস, উৎপল বৰাৰ লগে জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়া আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে। এই বৈঠকত মন্ত্রী ডাঃ পেগুৱে জিলাখনৰ...

January 22, 2026 12:17 PM

views 74

চতিয়া থানাত আৰক্ষী জিম্মাৰ পৰা আচামীৰ পলায়নৰ পাছতে ৩গৰাকী আৰক্ষী জোৱানক নিলম্বন

বিশ্বনাথ জিলাৰ চতিয়া থানাত আৰক্ষী জিম্মাৰ পৰা আচামীৰ পলায়নৰ পাছতে তিনিগৰাকী আৰক্ষী জোৱানক নিলম্বন কৰা হৈছে। নিলম্বিত জোৱানকেইজন কনিষ্টবল প্রিয়ংকা বাৰুতি, এল চি বিমান দাস আৰু চন্তৰীৰ দায়িত্বত থকা জন কোৰাদাক বুলি প্ৰকাশ কৰা হৈছে। বিশ্বনাথ আৰক্ষী অধীক্ষকে এটা নির্দেশযোগে এই জোৱানকেইজনক নিলম্বন কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এজন মাদক দ্ৰব্য সৰবৰাহকাৰী থানাৰ পৰা পলায়ন কৰাৰ পাছতে আৰক্ষীৰ লোককেইজনৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হয় ।

December 29, 2025 11:54 AM

views 62

বিশ্বনাথৰ বাঘমাৰীত জিলা প্রশাসনৰ দখলীকৃত ভি জি আৰ ভূমিত উচ্ছেদ

বিশ্বনাথ জিলাৰ বাঘমাৰীত কালি জিলা প্রশাসনে দখলীকৃত ভি জি আৰ ভূমিত উচ্ছেদ অভিযান চলায়। জিলা প্ৰশাসনে যোৱা আগষ্টত অঞ্চলটোৰ ভূমি দখল কৰি থকা ৭৩২ টা পৰিয়াললৈ জাননী জাৰি কৰিছিল, কিন্তু ইয়াৰে ৬৮ টা পৰিয়ালে উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ বাবে উচ্ছেদ অভিযান স্থগিত ৰাখিবলগীয়া হৈছিল। প্রশাসনে কালি ন্যায়ালয়ৰ বিবেচনাধীন ৬৮ টা পৰিয়ালৰ বাসগৃহৰ বাহিৰে বাকী ৬৬৪ টা পৰিয়ালৰ বাসগৃহত শান্তিপূর্ণভাৱে উচ্ছেদ চলায়।

December 26, 2025 6:04 PM

views 52

বিশ্বনাথৰ জিলা আয়ুক্তৰ জিলা চিকিৎসালয় পৰিদৰ্শন

বিশ্বনাথৰ জিলা আয়ুক্তই আজি জিলা চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ চিকিৎসা বিষয়া আৰু চিকিৎসা কর্মীসকলক লগ ধৰি বিভিন্ন বিষয়ৰ বুজ লয় আৰু লগতে বহিঃবিভাগ, আয়ুষ্মান কাৰ্য্যালয়, পুষ্টি পুনর্বাসন কেন্দ্ৰ, নৱজাতকৰ বিশেষ সুৰক্ষা কেন্দ্ৰ, অস্ত্ৰোপচাৰৰ কক্ষ, প্রসূতি কক্ষ, পৰীক্ষাগাৰ, এক্সৰে কক্ষ আদিৰ লগতে চিকিৎসালয়খনৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীয়ে চিকিৎসালয়খনৰ ঔষধালয় পৰিদৰ্শন কৰি পৰ্য্যাপ্ত ঔষধ মজুত ৰাখিবলৈও চিকিৎসা বিষয়াসকলক নির্দেশ দিয়ে।

October 17, 2025 7:46 PM

views 69

গহপুৰত বন্দুক আৰু গুলীসহ ৩ জন চোৰাং চিকাৰীক আটক

বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত আজি আৰক্ষীয়ে বন্দুক আৰু গুলীসহ ৩ জন চোৰাং চিকাৰীক আটক কৰে। বিশ্বনাথ আৰু মাজুলী জিলাৰ আৰক্ষীৰ যুটীয়া অভিযানত এটা বন্দুক আৰু গুলি উদ্ধাৰ কৰা হয়। গোপন সূত্ৰৰ ভিত্তিত জিলাখনৰ গহপুৰ সমজিলাৰ অন্তৰ্গত ধন্দী পথাৰৰ দেৱজিৎ পেণ্ডৰ ঘৰৰ পৰা এই বন্দুক আৰু গুলিসমূহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে এই ঘটনা সংক্রান্তত মুহিকান্ত পেণ্ড নামৰ এজন লোকক প্রথমে আটক কৰে। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিতেই মাজুলীৰ এক নম্বৰ মিছামৰা নিৰ্বাসী মনোজ পাথাৰী আৰু কিৰণ পেণ্ডক আৰক্ষীয়ে আটক কৰিবলৈ সমর্থ হয়। গহপুৰ আ...

October 17, 2025 7:37 PM

views 62

ছহিদ কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা অহা ৮ নৱেম্বৰত স্থাপন

বিশ্বনাথ জিলাৰ গহপুৰ সমজিলাৰ ভোলাগুৰি চাহ বাহিচাত নিৰ্মাণ হ'বলগীয়া ছহিদ কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা অহা ৮ নৱেম্বৰত স্থাপন কৰা হ'ব। স্থানীয় বিধায়ক উৎপল বৰাই এই কথা সদৰি কৰি কয়, যে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে এই বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাও এই অনুষ্ঠানত উপস্থিত থাকিব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে। কেন্দ্রীয় বিত্তমন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপনৰ পাছত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। বিশ্ববিদ্যালয়খনৰ বাবে ৭৩৮ বিঘা ভূমি আবণ্টন দিয়া হৈছে বুল...