সমাগত স্বাধীনতা দিৱসলৈ মাজত মাথোঁ ৩টা দিন বাকী

সমাগত স্বাধীনতা দিৱসলৈ মাজত মাথোঁ ৩টা দিন বাকী থকা অৱস্থাত বিশ্বনাথ চাৰিআলিৰ গহপুৰত এই দিৱস উদযাপনৰ ব্যাপক প্রস্তুতি চলি আছে। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে গহপুৰ সমজিলা কাৰ্যালয়ৰ সন্মুখত অসম আৰক্ষী, এন চি চি কেডেট, স্কাউট-গাইড আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে নিতৌ কেৰ্ডেৰ অনুশীলনত ব্যস্ত হৈ পৰিছে।

স্বাধীনতা দিৱসৰ দিনা দেশপ্রেমমূলক কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনৰ লগতে শিল্প-সাহিত্য আৰু বিভিন্ন দিশত সমাজৰ বাবে অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ’ব বুলি বিশ্বনাথ জিলা আয়ুক্ত কৰৱী শ‍ইকীয়া কৰণে জানিবলৈ দিয়ে।

ইয়াৰ লগতে গহপুৰ আৰক্ষীয়ে সমাগত স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি অসম-অৰুণাচল প্রদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।