August 13, 2026 5:33 PM

views 8

খোৱাং বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডলৰ অঞ্চলৰ জনসাধাৰণ আৰু বিজেপিৰ সদস্যসকলৰ ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত

ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডলৰ অঞ্চলৰ জনসাধাৰণ আৰু বিজেপিৰ সদস্যসকলে আজি সমাগত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা আৰু বিধায়ক চক্ৰধৰ গগৈও অংশ লয়। মন্ত্ৰী বিমল বৰাই স্বাধীনতাৰ ৮০ বছৰীয়া গৌৰৱময় ক্ষণত তিৰংগা পতাকাৰ মর্যাদা অক্ষুণ্ণ ৰখাৰ লগতে দেশমাতৃৰ প্ৰতি আমাৰ কৰ্তব্য আৰু দায়িত্ববোধ অধিক দৃঢ় কৰাৰ সংকল্পৰে সকলোকে নিজ নিজ ঘৰত জাতীয় পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনায়। ইফালে আজি যোৰহাট জিলা প্ৰ...

August 13, 2026 5:16 PM

views 118

৮০ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত এদিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ব্যাপক প্রস্তুতি

৮০ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত এদিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ব্যাপক প্রস্তুতি চলিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকল পেৰেডৰ অনুশীলন প্ৰায় সম্পূৰ্ণ কৰিছে। উল্লেখযোগ্য যে বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ১৫ আগষ্টৰ পুৱা ৯ বজাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ...

August 11, 2026 2:23 PM

views 17

স্বাধীনতা দিৱস আৰু বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী তথা হৰ ঘৰ তিৰংগা, ২০২৬ উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত চাইকেল সমদল

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আৰু বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী তথা হৰ ঘৰ তিৰংগা, ২০২৬ উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি এটা চাইকেল সমদল অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্ত সৃষ্টি সিঙৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত ৰাকেশ ডেকা, ড° নীলাক্ষী বৈশ্য, সহকাৰী আয়ুক্ত আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে সমদলত সক্রিয়ভাৱে অংশগ্ৰহণ কৰে। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা ভালেসংখ্যক শিক্ষার্থীয়েও এই সমদলত অংশ লয়। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই চাইকেল সমদল চহৰখনৰ...

August 11, 2026 2:18 PM

views 11

ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে গোৱালপাৰা জিলা প্ৰশাসনৰ হৰ ঘৰ তিৰংগা অভিযান কাৰ্যসূচী গ্ৰহণ

সমাগত স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে গোৱালপাৰা জিলা প্ৰশাসনেও হৰ ঘৰ তিৰংগা অভিযান কাৰ্যসূচী গ্ৰহণ কৰিছে। গোৱালপাৰাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত বন্তি প্ৰজ্বলনেৰে কালি হৰ ঘৰ তিৰংগা অনুষ্ঠানৰ আৰম্ভ কৰা হয়। আজি একেটা স্থানতে শিক্ষাৰ্থীসকলৰ মাজত চিত্রাংকণ প্রতিযোগিতা অনুষ্ঠিত হৈছে। ১৭ আগষ্টলৈকে জিলা প্রশাসনে দেশপ্রেমমূলক বক্তৃতা, চাইকেল সমদল, মহিলাৰ ফুটবল খেল আদি প্ৰতিযোগিতাৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে হৰ ঘৰ তিৰংগা অভিযানত দেশৰ সকলো নাগৰিককে অংশগ্ৰহণ কৰিবলৈ কেন্দ্...

August 11, 2026 11:47 AM

views 6

সমাগত স্বাধীনতা দিৱসলৈ মাজত মাথোঁ ৩টা দিন বাকী

সমাগত স্বাধীনতা দিৱসলৈ মাজত মাথোঁ ৩টা দিন বাকী থকা অৱস্থাত বিশ্বনাথ চাৰিআলিৰ গহপুৰত এই দিৱস উদযাপনৰ ব্যাপক প্রস্তুতি চলি আছে। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে গহপুৰ সমজিলা কাৰ্যালয়ৰ সন্মুখত অসম আৰক্ষী, এন চি চি কেডেট, স্কাউট-গাইড আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে নিতৌ কেৰ্ডেৰ অনুশীলনত ব্যস্ত হৈ পৰিছে। স্বাধীনতা দিৱসৰ দিনা দেশপ্রেমমূলক কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনৰ লগতে শিল্প-সাহিত্য আৰু বিভিন্ন দিশত সমাজৰ বাবে অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব বুলি বিশ্বন...

August 10, 2026 1:29 PM

views 20

স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্রশাসনৰ প্রস্তুতি প্রায় সম্পূর্ণ

স্বাধীনতা দিৱসলৈ মাজত চাৰিটা দিন বাকী থকা অৱস্থাত বিভিন্ন জিলা প্রশাসনে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে। বিভিন্ন জিলাৰ সদৰত আৰক্ষী, চি আৰ পি এফ, এন চি চি আৰু স্কাউট এণ্ড গাইডৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেডৰ অনুশীলন কৰা পৰিলক্ষিত হৈছে। ইফালে গুৱাহাটীৰ চানমাৰিত অৱস্থিত অসম ৰাজ্যিক খাদী আৰু গ্ৰামোদ্যোগ ব'র্ডে দিৱসৰ বাবে জাতীয় পতাকা প্ৰস্তুত কৰাৰ কাম প্রায় সম্পূর্ণ কৰি তুলিছে। ৰাজ্যৰ বিভিন্ন প্রান্তত থকা ২৫টাকৈ খাদী ভাণ্ডাৰৰ লগতে বিভিন্ন চৰকাৰী বিভাগ, জিলা আয়ুক্তৰ কাৰ্যালয়লৈ পতাকা প্ৰেৰণ কৰা হৈছে। গুৱ...

August 14, 2025 8:31 PM

views 76

লালকিল্লাৰ প্ৰাচীৰত কাইলৈ প্রধানমন্ত্ৰীৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন

সমগ্র দেশে কাইলৈ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব আৰু ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ চৰকাৰৰ দৃষ্টিভংগীৰ দিশে দেশ ধাৱমান হোৱাৰ সময়ত উদযাপিত এইবাৰৰ স্বাধীনতা দিৱসৰ মূল বিষয়বস্তু হৈছে ‘নতুন ভাৰত’। এই উদযাপনে সমৃদ্ধিশালী, সুৰক্ষিত আৰু সাহসী নতুন ভাৰতৰ ক্ৰমৱবৰ্ধমান উত্থানৰ বাবে এখন মঞ্চ হিচাপে কাম কৰিব আৰু প্ৰগতিৰ পথত অগ্ৰসৰ হোৱাৰ বাবে নতুন শক্তি য...

August 14, 2025 7:19 PM

views 71

বিভিন্ন জিলা প্রশাসনৰ স্বাধীনতা দিৱসৰ উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্রীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশ ল'ব। পুৱা ৯ বজাত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে কুচকাৱাজৰ অভিবাদন গ্রহণ কৰিব। এই অনুষ্ঠানত অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ লগতে বিভিন্ন সুৰক্ষা বাহিনীসমূহে কুচকাৱাজ প্ৰদৰ্শন কৰিব। পতাকা উত্তোলন কাৰ্যসূচীৰ পাছত পুৱা ১০ বজাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগ...

August 13, 2025 12:52 PM

views 57

ৰাজ্যজুৰি বিভিন্ন জিলা প্রশাসনৰ স্বাধীনতা দিৱসৰ প্রস্তুতি প্রায় সম্পূৰ্ণ

স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিভিন্ন জিলা প্রশাসনে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে। আলফা স্বাধীনকে ধৰি কেইবাটাও উগ্রপন্থী সংগঠনে এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ পাছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্রপন্থী সংগঠনসমূহে কোনো ধৰণৰ কূটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে উজনি অসমৰ লগতে গুৱাহাটী মহানগৰী আৰু নামনি অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। প্ৰতিকূল বতৰৰ মাজতো স্বাধ...

August 11, 2025 7:21 PM

views 65

স্বাধীনতা দিৱসলৈ মাজত মাথো ৩ টা দিন বাকী

স্বাধীনতা দিৱসলৈ মাজত মাথো তিনিটা দিন বাকী থকা অৱস্থাত বিভিন্ন জিলা প্রশাসনে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে। বিভিন্ন জিলাত হৰ ঘৰ তিৰংগা অভিযানৰ অংশৰূপে চাইকেল সমদলৰ আয়োজন কৰা হৈছে। বিভিন্ন জিলাৰ সদৰত আৰক্ষী, চি আৰ পি এফ, এন চি চি আৰু স্কাউট এণ্ড গাইডৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেডৰ অনুশীলন কৰা পৰিলক্ষিত হৈছে। ইফালে গুৱাহাটীৰ চানমাৰিত অৱস্থিত অসম ৰাজ্যিক খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে ৫ হাজাৰ জাতীয় পতাকা প্রস্তুত কৰাৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত খাদী ব'ৰ্ডৰ বিপণন শাখাৰ ভাৰপ্ৰাপ্ত বি...