ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডলৰ অঞ্চলৰ জনসাধাৰণ আৰু বিজেপিৰ সদস্যসকলে আজি সমাগত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা আৰু বিধায়ক চক্ৰধৰ গগৈও অংশ লয়।
মন্ত্ৰী বিমল বৰাই স্বাধীনতাৰ ৮০ বছৰীয়া গৌৰৱময় ক্ষণত তিৰংগা পতাকাৰ মর্যাদা অক্ষুণ্ণ ৰখাৰ লগতে দেশমাতৃৰ প্ৰতি আমাৰ কৰ্তব্য আৰু দায়িত্ববোধ অধিক দৃঢ় কৰাৰ সংকল্পৰে সকলোকে নিজ নিজ ঘৰত জাতীয় পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনায়।
ইফালে আজি যোৰহাট জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ উদ্যোগত জিলাখনৰ চহৰ তথা গ্ৰাম্যাঞ্চলত হৰ ঘৰ ত্ৰিৰংগা ২০২৬ অভিযানৰ অংশ স্বৰূপে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। জনসাধাৰণৰ মাজত ৰাষ্ট্ৰীয় চেতনা, গৌৰৱ আৰু দেশপ্ৰেমৰ ভাৱধাৰা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে জিলাখনৰ বিভিন্ন প্ৰান্তত ভালেমান কার্যসূচী গ্রহণ কৰা হৈছে ।
বিশ্বনাথ বিধানসভা সমষ্টিৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত বিধায়ক পল্লৱ লোচন দাসে আজি তিনিখনকৈ দলঙৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দুখন নতুন দলং উদ্বোধন কৰে। সমষ্টিটোৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী কাৰ্বি ব্লক ইক’ কেম্পৰ পৰা জয়পুৰ সংযোগী পথৰ দলং, নাহৰণি মাৰুৱা বস্তি সংযোগী দলং আৰু নাহৰণি থেৰাইবাৰী সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰে।
ইয়াৰ লগতে শ্যামবস্তি মাজুলী সংযোগী দলং আৰু ধূলি বিজয়পুৰ দিৰিং সংযোগী দলং দুখনৰ উদ্বোধন কৰা হয়। উল্লেখযোগ্য যে, সীমান্তবর্তী অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন ধৰি যাতায়াতৰ সমস্যাৰ সন্মুখীন হৈ আহিছিল আৰু এতিয়াৰে পৰা এই দলং কেইখনে যোগাযোগৰ ক্ষেত্ৰত অঞ্চলটোলৈ পৰিৱৰ্তন আনিব বুলি অঞ্চলৰ ৰাইজে আশা প্রকাশ কৰিছে।