August 13, 2026 5:33 PM

views 17

খোৱাং বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডলৰ অঞ্চলৰ জনসাধাৰণ আৰু বিজেপিৰ সদস্যসকলৰ ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত

ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডলৰ অঞ্চলৰ জনসাধাৰণ আৰু বিজেপিৰ সদস্যসকলে আজি সমাগত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা আৰু বিধায়ক চক্ৰধৰ গগৈও অংশ লয়। মন্ত্ৰী বিমল বৰাই স্বাধীনতাৰ ৮০ বছৰীয়া গৌৰৱময় ক্ষণত তিৰংগা পতাকাৰ মর্যাদা অক্ষুণ্ণ ৰখাৰ লগতে দেশমাতৃৰ প্ৰতি আমাৰ কৰ্তব্য আৰু দায়িত্ববোধ অধিক দৃঢ় কৰাৰ সংকল্পৰে সকলোকে নিজ নিজ ঘৰত জাতীয় পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনায়। ইফালে আজি যোৰহাট জিলা প্ৰ...

August 12, 2026 6:42 PM

views 18

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণ গতিত ৰূপায়ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণ গতিত ৰূপায়ণ কৰা হৈছে। যোৰহাট জিলাৰ তিতাবৰ উন্নয়ন খণ্ডৰ সৌজন্যত আজি এই উপলক্ষে দুচকীয়া বাহন সমদল উলিওৱা হয়। মৰিগাওঁ জিলাত জিলা প্ৰশাসনৰ উদ্যোগত অসম ৰাজ্যিক গ্রাম্য জীৱিকা অভিযানৰ দ্বাৰা উলিওৱা স্কুটি ৰেলীত ভালেসংখ্যক মহিলাই অংশগ্ৰহণ কৰে । মৰিগাওঁ জিলা আয়ুক্ত সৃষ্টি সিঙে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সমদলত জিলাখনৰ বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকলে অংশ লয়। বন্দে মাতৰমৰ ডেৰশ বছৰ সম্পূৰ্ণ হোৱা আৰু হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় জিলা ...