August 12, 2026 6:42 PM | har gar tiranga

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণ গতিত ৰূপায়ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণ গতিত ৰূপায়ণ কৰা হৈছে। যোৰহাট জিলাৰ তিতাবৰ উন্নয়ন খণ্ডৰ সৌজন্যত আজি এই উপলক্ষে দুচকীয়া বাহন সমদল উলিওৱা হয়। মৰিগাওঁ জিলাত জিলা প্ৰশাসনৰ উদ্যোগত অসম ৰাজ্যিক গ্রাম্য জীৱিকা অভিযানৰ দ্বাৰা উলিওৱা স্কুটি ৰেলীত ভালেসংখ্যক মহিলাই অংশগ্ৰহণ কৰে । মৰিগাওঁ জিলা আয়ুক্ত সৃষ্টি সিঙে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সমদলত জিলাখনৰ বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকলে অংশ লয়।

বন্দে মাতৰমৰ ডেৰশ বছৰ সম্পূৰ্ণ হোৱা আৰু হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় জিলা আয়ুক্তৰ কার্যালয়ত আজি এখন বিশেষ প্রদর্শনী অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে মুকলি কৰা এই প্ৰদৰ্শনীত সকলোৱে সমবেতভাৱে বন্দে মাতৰম পৰিবেশন কৰে। প্ৰদৰ্শনী চাবৰ বাবে অহা লোকসকলৰ বাবে ছেল্কি পইণ্টো মুকলি কৰা হয়। ।

বজালী জিলাত আজি মণ্ডল বিজেপিৰ উদ্যোগত তিৰংগা যাত্ৰা উলিওৱা হয়। বামাখাটিৰ শ্বহীদ অক্ষেন্দ্র হাইস্কুলৰ পৰা উলিওৱা এই যাত্ৰাত দলীয় নেতা-কর্মীসকলে হাতে হাতে জাতীয় পতাকা লৈ অংশগ্রহণ কৰে । ভৱানীপুৰৰ প্ৰাক্তন বিধায়ক ফণীধৰ তালুকদাৰ, বজালী জিলা বিজেপিৰ উপ-সভাপতি সুৰজিত পাটগিৰিকে ধৰি অন্যান্য দলীয় কর্মকর্তাসকলে অংশ লোৱা এই কাৰ্যসূচীৰ জৰিয়তে স্বাধীনতাৰ গৌৰৱোজ্জ্বল ইতিহাসক স্মৰণ কৰা হয়।

কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত শিলচৰতো আজি তিৰংগা সমদল উলিওৱা হয়। ইয়াৰ অংশ হিচাপে গান্ধীবাগ উদ্যানত সমবেত কণ্ঠত বন্দে মাতৰম পৰিবেশন কৰা হয়। জিলা প্ৰশাসন আৰু আৰক্ষীৰ উপৰি এন চি চি, এন এছ এছ, অসম ৰাজ্যিক গ্রাম্য জীৱিকা অভিযান, নাগৰিক সংগঠন, জিলা ক্রীড়া বিভাগ আৰু অন্যান্য বিভাগৰ প্রতিনিধিসকলে এই কার্যসূচীত অংশ লয়।