July 8, 2026 1:13 PM

views 1

ৰাজ্যৰ চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডা০ সিদ্ধার্থ সিঙৰ লেকাইত হ’বলগীয়া সম আন্তঃগাঁথনি আৰু প্ৰযুক্তি প্রতিষ্ঠান স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন

ৰাজ্য চৰকাৰৰ চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডা০ সিদ্ধার্থ সিঙে জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু খোৱাঙৰ সমজিলা আয়ুক্ত জয়ন্ত চৰণ, অতিৰিক্ত জিলা আয়ুক্তৰ সৈতে লেকাইত হ'বলগীয়া অসম আন্তঃগাঁথনি আৰু প্ৰযুক্তি প্রতিষ্ঠান স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে। বিষয়াগৰাকীয়ে এই পৰিদৰ্শনকালত প্ৰস্তাৱিত ভূমিৰ উপযোগিতা, মূল্যায়ন আৰু প্ৰতিষ্ঠানটোৰ স্থাপনৰ বাবে অপৰিহাৰ্য বিভিন্ন বিষয় পর্যালোচনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। কাৰিকৰী শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে গুৰুত্বপূৰ্ণ প্ৰকল...