August 10, 2026 1:29 PM | Independence Day

printer

স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্রশাসনৰ প্রস্তুতি প্রায় সম্পূর্ণ

স্বাধীনতা দিৱসলৈ মাজত চাৰিটা দিন বাকী থকা অৱস্থাত বিভিন্ন জিলা প্রশাসনে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে। বিভিন্ন জিলাৰ সদৰত আৰক্ষী, চি আৰ পি এফ, এন চি চি আৰু স্কাউট এণ্ড গাইডৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেডৰ অনুশীলন কৰা পৰিলক্ষিত হৈছে। ইফালে গুৱাহাটীৰ চানমাৰিত অৱস্থিত অসম ৰাজ্যিক খাদী আৰু গ্ৰামোদ্যোগ ব’র্ডে দিৱসৰ বাবে জাতীয় পতাকা প্ৰস্তুত কৰাৰ কাম প্রায় সম্পূর্ণ কৰি তুলিছে। ৰাজ্যৰ বিভিন্ন প্রান্তত থকা ২৫টাকৈ খাদী ভাণ্ডাৰৰ লগতে বিভিন্ন চৰকাৰী বিভাগ, জিলা আয়ুক্তৰ কাৰ্যালয়লৈ পতাকা প্ৰেৰণ কৰা হৈছে।

গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত স্বাধীনতা দিবস উদযাপনৰ বাবে নিৰাপত্তাবাহিনীসমূহে কুচকাৱাজৰ অনুশীলন চলাই আছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি পূর্ণগতিত চলি আছে বুলি আমাৰ সংবাদদাতাই জনাইছে। ৭ আগষ্টৰ পৰা পুৱা আৰু গধূলি অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, এন চি চি, বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ১৪টা দল কুচকাবাজৰ অনুশীলন চলাই আছে। বিদ্যালয়খনৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হ’ব।

স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্পৰ্শকাতৰ স্থানসমূহত আৰক্ষী প্রশাসনে বিশেষ দৃষ্টি ৰাখিছে। গোৱালপাৰাত আৰক্ষী কামাণ্ডোবে এই দিৱসৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা অভিযান চলাইছে। ঠায়ে ঠায়ে তালাচীও অব্যাহত ৰখা হৈছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।