August 11, 2025 11:56 AM

views 56

স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

● স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্ৰপন্থী সংগঠনসমূহে কোনো ধৰণৰ কূটাঘাটমূল কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে উজনি অসমৰ লগতে গুৱাহাটী মহানগৰী আৰু নামনি অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। বিশেষকৈ পাইপলাইন, ৰে'ল পথ, ৰে'ল ষ্টেচন, বাছ আস্থান, দলং আদিৰ দৰে স্পৰ্শকাতৰ স্থানসমূহত নিৰাপত্তাৰক্ষীয়ে কঠোৰ দৃষ্টি ৰাখিছে। একেদৰে অসম সংলগ্ন আন্তঃৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক সীমান্...

August 4, 2025 12:54 PM

views 57

ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱসৰ পূৰ্বে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। যোৱা বছৰ স্বাধীনতা দিৱসত ৰাজ্যৰ বিভিন্ন স্থানত ২২টাকৈ আই ডি উদ্ধাৰ হোৱাৰ পাছত এইবাৰ যাতে উগ্ৰপন্থী সংগঠনে কোনোধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে পূৰ্বৰে পৰা সতর্কতা অৱলম্বন কৰিছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে গুৱাহাটী পৌৰ নিগমৰ সৈতে বিভিন্ন স্থানত পদপথৰ দোকান উচ্ছেদ কৰিছে। তদুপৰি পদপথৰ দোকানসমূহৰ আৱৰ্জনাত যাতে উগ্ৰপন্থীয়ে বোমা সংস্থাপন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৱৰ্জনা আ...

January 15, 2025 11:13 AM

views 59

গণৰাজ্য দিৱস উপলক্ষে জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি অব্যাহত

সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি অব্যাহত আছে। তিনিচুকীয়া জিলা প্রশাসনে এইবেলি গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি আগতীয়াকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্রাংকন, কুইজ, ৰচনা আৰু শ্ল’গান লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ দিহা কৰিছে। এই প্ৰতিযোগিতা প্রথমে বিদ্যালয় পৰ্যায়ত, ইয়াৰ পাছত খণ্ড পৰ্যায়ত আৰু শেষত জিলা ভিত্তিত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ বিজয়ীসকলক গণৰাজ্য দিৱসৰ অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব। তিনিচুকীয়াৰ বৰগুৰি আই টি আই খেলপথাৰত হ'বলগীয়া গণৰাজ্য ...

August 13, 2024 3:27 PM

views 60

৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযান উদযাপন নাগপুৰ পৌৰ নিগমৰ

নাগপুৰ পৌৰ নিগমে যোৱা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে উদ্যম আৰু উৎসাহেৰে গ্ৰহণ কৰা হৰ ঘৰ তিৰংগা অভিযান উদযাপন কৰিছে। এই উদযাপনৰ অংশ হিচাপে আজি তিৰংগা মাৰাথন আয়োজন কৰা হয়। নাগপুৰ পৌৰ নিগমৰ সহকাৰী পৌৰ আয়ুক্ত প্রকাশ ৱাহেঁড়ে ছেইণ্ট উছুলা বিদ্যালয়ত অনুষ্ঠিত মাৰাথন দৌৰৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। এই মাৰাথনত বহুসংখ্যক নাগৰিকেও অংশগ্ৰহণ কৰে৷

August 13, 2024 3:25 PM

views 74

জম্মু আৰু কাশ্মীৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জম্মু এলেকাত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ

জম্মু আৰু কাশ্মীৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জম্মু এলেকাত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে প্ৰশাসনে নিৰাপত্তা আৰু স্বাধীনতা দিৱসৰ অনুষ্ঠান সুকলমে উদযাপন কৰাৰ ক্ষেত্ৰত যাতে কোনো সুৰুঙা ৰৈ নাযায়, তাৰ নিশ্চিত ব্যৱস্থা হাতত লৈছে। স্বাধীনতা দিৱসৰ মূল অনুষ্ঠান শ্ৰীনগৰৰ বাক্সি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আৰু লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিন্হাই অভিবাদন গ্রহণ কৰাৰ লগতে অনুষ্ঠানত সভাপতিত্ব কৰিব। হাজাৰতকৈও অধিক লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

August 13, 2024 1:50 PM

views 78

ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ত্ৰিৰংগ সমলয় অনুষ্ঠানৰ আয়োজন

ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত স্বাধীনতা সংগ্ৰামীসকললৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আজি ত্ৰিৰংগ সমলয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

August 13, 2024 1:48 PM

views 50

ৰাজ্যৰ বিভিন্ন জিলাত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

♦ ৰিাজ্যৰ বিভিন্ন জিলাত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলাই থকা হৈছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া অনুষ্ঠানৰ বাবে আৰক্ষী বেটেলিয়ন, অৰ্ধসামৰিক বাহিনী আৰু এন চি চিৰ দলসমূহে পেৰেডৰ অনুশীলন চলাই আছে। ৰাজ্যৰ কেইটামান উগ্রপন্থী সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ বাবে জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰত প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। ৰে'ল সুৰক্ষা বাহিনীৰ ৰে'ল ষ্টেচনত স্নিফাৰ ডগৰ সহায়ত সুৰক্ষা ব্যৱস্থাৰ তদাৰক কৰি আছে। ৰে'ল লাইন আৰু অন...

August 6, 2024 9:10 PM

views 60

হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেল্কি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই অভিযানে বিগত দুবছৰ ধৰি ৰাষ্ট্ৰীয় আন্দোলন হিচাপে গঢ় লৈ উঠিছে।