জম্মু আৰু কাশ্মীৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জম্মু এলেকাত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে প্ৰশাসনে নিৰাপত্তা আৰু স্বাধীনতা দিৱসৰ অনুষ্ঠান সুকলমে উদযাপন কৰাৰ ক্ষেত্ৰত যাতে কোনো সুৰুঙা ৰৈ নাযায়, তাৰ নিশ্চিত ব্যৱস্থা হাতত লৈছে। স্বাধীনতা দিৱসৰ মূল অনুষ্ঠান শ্ৰীনগৰৰ বাক্সি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আৰু লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিন্হাই অভিবাদন গ্রহণ কৰাৰ লগতে অনুষ্ঠানত সভাপতিত্ব কৰিব। হাজাৰতকৈও অধিক লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।
Assamese | August 13, 2024 3:25 PM | Independence Day | Jammu & Kashmir | Kashmir
জম্মু আৰু কাশ্মীৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জম্মু এলেকাত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ