June 9, 2026 7:50 PM

views 19

জম্মু-কাশ্মীৰত প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত ৩০জনতকৈও অধিক লোকৰ মৃত্যু

পাকিস্তান অধ্যুষিত জম্মু-কাশ্মীৰত আজি প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত ৩০জনতকৈও অধিক লোকৰ মৃত্যু হোৱাৰ লগতে প্রায় ২০০ গৰাকী আহত হৈছে। জানিব পৰা মতে কৰ্তৃপক্ষই জইণ্ট আৱামী একচন কমিটী, জে এ এ চিৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পাছতেই এই ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে জে এ এ চি এটা আগশাৰীৰ অসামৰিক সামাজিক মিত্ৰজোঁট, যিয়ে পাকিস্তান অধ্যুষিত কাশ্মীৰত আর্থিক আৰু ৰাজনৈতিক ওজৰ-আপত্তিক কেন্দ্ৰ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে উচটনি দিছে। তীব্র উত্তেজনাৰ মাজতে ৰাৱালকোট আৰু মুজাফ...

October 22, 2025 3:07 PM

views 62

গৃহ মন্ত্ৰালয়ৰ এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে আজি নতুন দিল্লীত লাডাখৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়

■ গৃহ মন্ত্ৰালয়ৰ এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে আজি নতুন দিল্লীত লাডাখৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হৈছে। কেন্দ্ৰীয় শাসিত অঞ্চলটোত বিগত মাহত হোৱা হিংসাত্মক ঘটনাৰ পাছত প্ৰথমবাৰৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হৈছে। লাডাখ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ সমিতিৰ জৰিয়তে এপেক্স বডি লেহ চমুকৈ এ বি এল আৰু কাৰ্গিল ডেমক্রেটিক এলায়েন্স চমুকৈ কে ডি এৰ সৈতে আলোচনাৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণী লেহৰ সংবাদদাতাই প্ৰকাশ কৰা মতে এই প্রতিনিধিসকলে লাডাখক ৰাজ্য হিচাপে স্বীকৃতি আৰু ষষ...

October 2, 2025 8:58 PM

views 75

জম্মু-কাশ্মীৰত হিংসাত্মক প্ৰতিবাদ আৰু সংঘৰ্ষত ৩ জন আৰক্ষী জোৱানকে ধৰি কমেও ২১জন লোকৰ মৃত্যু

■ পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত বিগত তিনি দিন ধৰি হৈ থকা হিংসাত্মক প্ৰতিবাদ আৰু সংঘৰ্ষত তিনিজন আৰক্ষী জোৱানকে ধৰি কমেও ২১জন লোকৰ মৃত্যু হৈছে। স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, এই সংঘৰ্ষৰ ফলত ১৭২ জন আৰক্ষী জোৱান আৰু ৫০ জন সাধাৰণ নাগৰিক আহত হৈছে। উল্লেখযোগ্য যে পাক অধিকৃত কাশ্মিৰৰ যুটীয়া আৱামী একচন কমিটীৰ নেতা শৌকত নৱাজ মিৰে অঞ্চলটোৰ প্ৰনাসনীয় সংস্কাৰ আৰু ৰাজহুৱা সা-সুবিধা প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল। পৰৱৰ্তী সময়ত তেওঁলোকে এই দাবী সন্দৰ্ভত চৰকাৰৰ সৈতে আলোচনাতো মিলিত হৈছিল। পাকিস্তানৰ ...

September 8, 2025 10:47 PM

views 65

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ গাদ্দাৰ বনাঞ্চলত চলোৱা অভিযানত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা ২ লৈ বৃদ্ধি

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ গাদ্দাৰ বনাঞ্চলত চলোৱা অভিযানত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা ২ লৈ বৃদ্ধি পাইছে। সেনাৰ এগৰাকী মুখপাত্রই জনাইছে যে সেনা বাহিনীৰ এগৰাকী কণিষ্ঠ বিষয়াও এই অভিযানত আহত হৈছে। উন্নত চিকিৎ‍সাৰ বাবে তেওঁক হস্পিতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ পূৰ্বে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্যৰ ভিত্তিত আজি পুৱা সেনা, চি আৰ পি এফ আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে গাদ্দাৰ বনাঞ্চল ঘেৰাও কৰি তালাচী অভিযান চলায়।

January 13, 2025 5:21 PM

views 73

মধ্য কাশ্মীৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সোণমার্গ সুৰংগ প্রকল্প উদ্বোধন

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি  ৰ গন্দৰৱাল জিলাত অভিলাষী সোণমার্গ সুৰংগ প্রকল্প উদ্বোধন কৰে। এই সুৰংগটোৰে শ্রীনগৰ, সোণমাৰ্গ আৰু লেহৰ মাজত সকলো বতৰতে সুচল যাতায়াতত সহায় কৰাৰ লগতে গগনগীৰ আৰু সোণমাৰ্গৰ মাজত যাতায়াতৰ সময় ২০-২৫ মিনিটলৈ হ্রাস কৰিব। এই সুৰংগই লাডাখ অভিমুখী দুর্গম পথ ভূমিস্খলন আৰু তুষাৰপাতৰ সমস্যাৰ সন্মুখীন নোহোৱাকৈ সুৰক্ষিতভাৱে অতিক্রম কৰাত সহায় কৰিব। দুহেজাৰ ৭০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্রকল্পটোৰ কাম ২০১৫ চনত আৰম্ভ কৰা হয় আৰু যোৱা বছৰ ইয়াৰ নিৰ্মাণৰ কা...

November 2, 2024 7:59 PM

views 64

কাশ্মীৰ উপত্যকাৰ অনন্তনাগ জিলাৰ হলকনগলিত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘর্ষত ২ সন্ত্রাসবাদী নিহত

কাশ্মীৰ উপত্যকাৰ অনন্তনাগ জিলাৰ হলকনগলি এলেকাত আজি দুপৰীয়া সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘর্ষত দুজন সন্ত্রাসবাদী নিহত হয়। শ্ৰীনগৰস্থিত চিনাৰকোৰে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে, সেনা বাহিনীয়ে হলকনগলিৰ সমীপত সন্ত্ৰাসবাদীৰ সন্দেহজনক গতি-বিধি প্রত্যক্ষ কৰে আৰু ততালিকে অভিযান আৰম্ভ কৰে। ইয়াৰ পাছতে অঞ্চলটোত আত্ম-গোপন কৰি থকা সন্ত্ৰাসবাদীৰ দলে সেনা বাহিনীক প্ৰত্যক্ষ কৰি নিৰ্বিচাৰে গুলীচালনা কৰে। প্ৰত্যুত্তৰত সেনা বাহিনীয়েও গুলী চলোৱা দুজন সন্ত্রাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদী দুজনৰ পৰিচয় এতিয...

September 23, 2024 2:39 PM

views 68

জন্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

জন্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সন্ধিয়া সামৰণি পৰিব। এই পৰ্যায়ত ৫ খন জিলাৰ ২৬ টা বিধানসভা সমষ্টিত পৰহিলৈ ভোটগ্রহণ অনুষ্ঠিত হ'ব। ভোটগ্রহণ অনুষ্ঠিত হ'বলগীয়া জিলাকেইখন হৈছে - জম্মু খণ্ডত ৰিয়াচি, ৰাজৌৰী আৰু পুঞ্চ। আনহাতে, কাশ্মীৰ উপত্যকাৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাকেইখন হৈছে শ্ৰীনগৰ আৰু বাদগাম। উল্লেখযোগ্য যে তিনিটা পৰ্যায়ত জম্মু-কাশ্মীৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। ইফালে, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰ গত...

August 13, 2024 3:25 PM

views 80

জম্মু আৰু কাশ্মীৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জম্মু এলেকাত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ

জম্মু আৰু কাশ্মীৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জম্মু এলেকাত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে প্ৰশাসনে নিৰাপত্তা আৰু স্বাধীনতা দিৱসৰ অনুষ্ঠান সুকলমে উদযাপন কৰাৰ ক্ষেত্ৰত যাতে কোনো সুৰুঙা ৰৈ নাযায়, তাৰ নিশ্চিত ব্যৱস্থা হাতত লৈছে। স্বাধীনতা দিৱসৰ মূল অনুষ্ঠান শ্ৰীনগৰৰ বাক্সি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আৰু লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিন্হাই অভিবাদন গ্রহণ কৰাৰ লগতে অনুষ্ঠানত সভাপতিত্ব কৰিব। হাজাৰতকৈও অধিক লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

July 18, 2024 5:00 PM

views 54

জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি সংঘৰ্ষত ভাৰতীয় সৈন্য বাহিনীৰ দুজন জোৱান আহত

জম্মু-কাশ্মীৰত আজি পুৱা ডোডা জিলাৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত ভাৰতীয় সৈন্য বাহিনীৰ দুজন জোৱান আহত হয়। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি কষ্টিগড় অঞ্চলৰ জদ্দন বাটা গাঁৱত এই সংঘৰ্ষ সংঘটিত হয়। অনুসন্ধান অভিযানৰ বাবে চৰকাৰী বিদ্যালয়ত স্থাপন কৰা অস্থায়ী নিৰাপত্তা শিবিৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ পাছত সুৰক্ষা বাহিনীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰে। দুয়োপক্ষৰ মাজত এঘণ্টাতকৈও অধিক সময়জুৰি চলা গুলীচালনাত সেনা বাহিনীৰ দুজন জোৱান আঘাতপ্ৰাপ্ত হয়। উল্লেখযোগ্য যে যোৱা ...

April 1, 2024 12:03 PM

views 72

জম্মু আৰু উধমপুৰৰ বিভিন্ন স্থানত কাশ্মীৰি প্ৰব্ৰজনকাৰীসকলৰ বাবে বিশেষ সজাগতা শিবিৰ

জম্মু কাশ্মীৰত সাহায্য আৰু পুনৰ সংস্থাপন বিভাগে জম্মু আৰু উধমপুৰৰ বিভিন্ন স্থানত কাশ্মীৰি প্ৰব্ৰজনকাৰীসকলৰ বাবে বিশেষ সজাগতা শিবিৰৰ আয়োজন কৰিছে। ১২ চি তথা এম প্ৰ-পত্ৰসমূহৰ থলিতে প্রত্যায়নৰ লগতে প্ৰব্ৰজনকাৰীসকলৰ মাজত ভোটদানৰ আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই সজাগতা শিবিৰসমূহৰ আয়োজন কৰা হৈছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা অনুসৰি অহা ৩ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ নাগ্ৰতাত এনেধৰণৰ প্ৰথমটো শিবিৰ আৰু ৪ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ জাগতিক পৰৱৰ্তী শিবিৰৰ আয়োজন কৰা হৈছে। তদুপৰি শিৱমন্দিৰৰ পুৰুখো শিব...