দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ গাদ্দাৰ বনাঞ্চলত চলোৱা অভিযানত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা ২ লৈ বৃদ্ধি পাইছে। সেনাৰ এগৰাকী মুখপাত্রই জনাইছে যে সেনা বাহিনীৰ এগৰাকী কণিষ্ঠ বিষয়াও এই অভিযানত আহত হৈছে। উন্নত চিকিৎসাৰ বাবে তেওঁক হস্পিতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ পূৰ্বে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্যৰ ভিত্তিত আজি পুৱা সেনা, চি আৰ পি এফ আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে গাদ্দাৰ বনাঞ্চল ঘেৰাও কৰি তালাচী অভিযান চলায়।
Assamese | September 8, 2025 10:47 PM | Akashvani News | Kashmir | Terror
দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ গাদ্দাৰ বনাঞ্চলত চলোৱা অভিযানত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা ২ লৈ বৃদ্ধি