পাকিস্তান অধ্যুষিত জম্মু-কাশ্মীৰত আজি প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত ৩০জনতকৈও অধিক লোকৰ মৃত্যু হোৱাৰ লগতে প্রায় ২০০ গৰাকী আহত হৈছে। জানিব পৰা মতে কৰ্তৃপক্ষই জইণ্ট আৱামী একচন কমিটী, জে এ এ চিৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পাছতেই এই ঘটনা সংঘটিত হয়।
উল্লেখযোগ্য যে জে এ এ চি এটা আগশাৰীৰ অসামৰিক সামাজিক মিত্ৰজোঁট, যিয়ে পাকিস্তান অধ্যুষিত কাশ্মীৰত আর্থিক আৰু ৰাজনৈতিক ওজৰ-আপত্তিক কেন্দ্ৰ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে উচটনি দিছে। তীব্র উত্তেজনাৰ মাজতে ৰাৱালকোট আৰু মুজাফ্ফ্ফৰবাদত প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা তুমুল সংঘৰ্ষৰ পাছত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন কৰাৰ কাৰণেই প্ৰতিবাদী কার্যসূচী অব্যাহত আছে।
অঞ্চলটোৰ শেহতীয়া স্থিতি অতি জটিল হৈ আছে, কিয়নো পাকিস্তানৰ বিৰোধিতাত শ-শ প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহিছিল। ফলত ভীমবৰ আৰু কোডলীৰ দৰে চহৰসমূহৰ জীৱন যাত্ৰা সম্পূৰ্ণৰূপে ব্যাহত হৈছে।