স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। যোৱা বছৰ স্বাধীনতা দিৱসত ৰাজ্যৰ বিভিন্ন স্থানত ২২টাকৈ আই ডি উদ্ধাৰ হোৱাৰ পাছত এইবাৰ যাতে উগ্ৰপন্থী সংগঠনে কোনোধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে পূৰ্বৰে পৰা সতর্কতা অৱলম্বন কৰিছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে গুৱাহাটী পৌৰ নিগমৰ সৈতে বিভিন্ন স্থানত পদপথৰ দোকান উচ্ছেদ কৰিছে। তদুপৰি পদপথৰ দোকানসমূহৰ আৱৰ্জনাত যাতে উগ্ৰপন্থীয়ে বোমা সংস্থাপন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৱৰ্জনা আঁতৰোৱাৰ ব্যৱস্থা কৰিছে। উজনি অসমৰ বিভিন্ন স্থানতো আৰক্ষীয়ে উগ্ৰপন্থীৰ কূটাঘাত ৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে।
Assamese | August 4, 2025 12:54 PM | Independence Day
ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱসৰ পূৰ্বে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা