ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে গোৱালপাৰা জিলা প্ৰশাসনৰ হৰ ঘৰ তিৰংগা অভিযান কাৰ্যসূচী গ্ৰহণ

সমাগত স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে গোৱালপাৰা জিলা প্ৰশাসনেও হৰ ঘৰ তিৰংগা অভিযান কাৰ্যসূচী গ্ৰহণ কৰিছে। গোৱালপাৰাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত বন্তি প্ৰজ্বলনেৰে কালি হৰ ঘৰ তিৰংগা অনুষ্ঠানৰ আৰম্ভ কৰা হয়।

আজি একেটা স্থানতে শিক্ষাৰ্থীসকলৰ মাজত চিত্রাংকণ প্রতিযোগিতা অনুষ্ঠিত হৈছে। ১৭ আগষ্টলৈকে জিলা প্রশাসনে দেশপ্রেমমূলক বক্তৃতা, চাইকেল সমদল, মহিলাৰ ফুটবল খেল আদি প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

উল্লেখযোগ্য যে হৰ ঘৰ তিৰংগা অভিযানত দেশৰ সকলো নাগৰিককে অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আহ্বান জনাইছে।

সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয়, যে এইবছৰ বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অভিযানে প্ৰতিগৰাকী দেশপ্ৰেমিকৰ হৃদয় স্পৰ্শ কৰিছে। মন্ত্ৰী শ্ৰী শ্বাহে ত্ৰিৰংগ পতাকা উত্তোলন কৰি হৰ ঘৰ তিৰংগা ডট কমত ছেলফি আপলোড কৰিবলৈও জনসাধাৰণক আহ্বান জনায়।