August 14, 2026 6:58 PM

views 35

৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গোৱালপাৰা জিলা আৰক্ষীৰ বিশেষ সজাগতামূলক ব্যৱস্থা গ্ৰহণ

দেশজুৰি কাইলৈ উদযাপিত হ'বলগীয়া ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গোৱালপাৰা জিলা আৰক্ষীয়ে বিশেষ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত জিলা আৰক্ষীয়ে অসম-মেঘালয় সীমান্ত অঞ্চলত নিশা যাপন কৰাৰ লগতে আজি পুৱা প্ৰায় ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ চাইকেল সমলেৰে দুয়োখন ৰাজ্যৰ সীমামূৰীয়া নিছানগ্ৰামত উপস্থিত হয়। নিছানগ্ৰামত আৰক্ষীৰ দলটোৱে এখন প্রীতি ফুটবল খেলত অংশগ্ৰহণ কৰাৰ লগতে এখন সজাগতামূলক সভাও অনুষ্ঠিত কৰে। অসম আৰু মেঘালয়ৰ মাজত সমন্বয়ৰ বাৰ্তাৰ প্ৰসাৰৰ...

August 11, 2026 2:18 PM

views 23

ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে গোৱালপাৰা জিলা প্ৰশাসনৰ হৰ ঘৰ তিৰংগা অভিযান কাৰ্যসূচী গ্ৰহণ

সমাগত স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে গোৱালপাৰা জিলা প্ৰশাসনেও হৰ ঘৰ তিৰংগা অভিযান কাৰ্যসূচী গ্ৰহণ কৰিছে। গোৱালপাৰাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত বন্তি প্ৰজ্বলনেৰে কালি হৰ ঘৰ তিৰংগা অনুষ্ঠানৰ আৰম্ভ কৰা হয়। আজি একেটা স্থানতে শিক্ষাৰ্থীসকলৰ মাজত চিত্রাংকণ প্রতিযোগিতা অনুষ্ঠিত হৈছে। ১৭ আগষ্টলৈকে জিলা প্রশাসনে দেশপ্রেমমূলক বক্তৃতা, চাইকেল সমদল, মহিলাৰ ফুটবল খেল আদি প্ৰতিযোগিতাৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে হৰ ঘৰ তিৰংগা অভিযানত দেশৰ সকলো নাগৰিককে অংশগ্ৰহণ কৰিবলৈ কেন্দ্...

July 29, 2026 2:39 PM

views 38

গোৱালপাৰাৰ ৰামপুৰৰ বাদুংদুপ্পা কলাকেন্দ্ৰৰ বাকৰিত কালি বিয়লি শিশু নাট সমাৰোহ অনুষ্ঠিত

গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংদুপ্পা কলাকেন্দ্ৰৰ বাকৰিত কালি বিয়লি শিশু নাট সমাৰোহ অনুষ্ঠিত হয়। প্রয়াত নাট্যকর্মী শুক্রাচাৰ্য ৰাভাই প্ৰাণ প্রতিষ্ঠা কৰা এই কলাকেন্দ্ৰৰ বাকৰিত প্ৰতিবছৰৰ দৰে গ্রীষ্মকালীন বন্ধ উপলক্ষে এইবেলিও এমহীয়া কৰ্মশালাৰ অন্তত তিনিখন শিশু নাট মঞ্চস্থ কৰা হয়। বাদুংদুপ্পা কলাকেন্দ্ৰৰ বাকৰিত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত তিনিওখন নাট উপস্থাপন কৰা হয়। থলুৱা লোকনাট্য সংস্কৃতিক ব্যতিক্রমী ধাৰাৰে জীয়াই ৰখাৰ উদ্দেশ্যে সাংস্কৃতিক কাম-কাজেৰে বাদুংদুপ্পা কলাকেন্দ্ৰই প্ৰয়াত নাট্যকর...

July 17, 2026 12:45 PM

views 23

গোৱালপাৰাত বন বিভাগৰ অভিযানত কাঠভর্তি ট্রাক জব্দ

গোৱালপাৰাত বন বিভাগে যোৱানিশা অভিযান চলাই জুই জ্বলোৱাত ব্যৱহাৰ কৰিবলৈ অনা কাঠভর্তি এখন ট্রাক জব্দ কৰে। পঞ্চৰত্নত জব্দ কৰা এই ট্রাকখনত লক্ষাধিক টকাৰ কাঠ আছিল বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। জানিব পৰা মতে, কাঠখিনি মৰনৈত থকা ইথানল কোম্পানীলৈ নি থকা হৈছিল।

July 14, 2026 7:42 PM

views 22

গোৱালপাৰা জিলাৰ দুগৰাকী প্ৰবীন নাট্যকর্মীলৈ শিল্পী সন্মান

গোৱালপাৰা জিলাৰ দুগৰাকী প্ৰবীন নাট্যকর্মীলৈ শিল্পী সন্মান আগবঢ়োৱা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে দুধনৈৰ থেকাচু তৃতীয় খণ্ড গাওঁৰ মৃগেন্দ্র মোহন কলিতাক বার্ষিক শিল্পী সন্মান প্ৰদান কৰাৰ লগতে ধুপধৰাৰ নগেন পাটগিৰিলৈ শিল্পী পেঞ্চন আগবঢ়াইছে। প্ৰশাসনৰ হৈ জিলা উন্নয়ন আয়ুক্ত প্ৰণৱ কুমাৰ বৰাই আজি শিল্পী দুগৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে ৰাজ্য চৰকাৰৰ স্বীকৃতিপত্র আনুষ্ঠানিকভাৱে অৰ্পন কৰে।

July 6, 2026 12:06 PM

views 23

হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে গোৱালপাৰা বন সংমণ্ডলৰ বিভিন্ন কার্যসূচী গ্ৰহণ

হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে গোৱালপাৰা বন সংমণ্ডলে বিভিন্ন কার্যসূচী গ্ৰহণ কৰি আহিছে। হাতীৰ লগতে আন আন জীৱ জন্তুৰ সৈতে সহাৱস্থান কৰি জীৱন-নিৰ্বাহ কৰাৰ উপায় সম্পর্কে ছাত্র- ছাত্ৰীসকলক জ্ঞান দিয়াৰ উদ্দেশ্যে সংমণ্ডলটোৱে এইবাৰ যুৱ গজমিত্ৰ নামেৰে এখন নতুন আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনিৰ জৰিয়তে জিলা বন বিভাগে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বন বিভাগে পৰিচালনা কৰা পঞ্চৰত্ন ইক' কেম্পলৈ আনি জীৱ-জন্তুৰ সৈতে সহাৱস্থানেৰে জীৱন-নিৰ্বাহ সম্পৰ্কে ব্যৱহাৰিক জ্ঞান দিয়াৰ ব্যৱস্থা কৰিব। জিলা বন বিভাগে এই আঁচনি ধ...

June 28, 2026 9:02 PM

views 29

গোৱালপাৰা জিলাৰ কুমৰী বিলখনক পর্যটনস্থলীলৈ ৰূপান্তৰিত  কৰা হব বুলি বিধায়ক পবিত্ৰ ৰাভাৰ প্ৰকাশ

গোৱালপাৰা জিলাৰ কুমৰী বিল নামনি অসমৰ ভিতৰতে এখন বৃহৎ জলাশয়। পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভাই আজি এই বিলখনত উপস্থিত হৈ মাছৰ পোনা এৰি দিয়াৰ লগতে প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বিলখনক পর্যটনস্থলীলৈ ৰূপান্তৰিত কৰাৰ বাবে চেষ্টা চলোৱা হ'ব বুলি প্রকাশ কৰে। উল্লেখযোগ্য যে প্রায় ২৭৪ হেক্টৰ এলেকা আগুৰি থকা এই বিলখনত উৎপাদন হোৱা মাছৰ পৰা বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ হোৱাৰ লগতে মৎস্য পালকসকলে মাছ পালন কৰি লাখ লাখ টকা উপার্জন কৰি আহিছে।

June 8, 2026 12:04 PM

views 33

ব্যতিক্রমী কামেৰে গোৱালপাৰা বন সংমণ্ডল পৰিচালনা সমিতিৰ সদস্যসকলৰ ধন উপাৰ্জন

গোৱালপাৰা বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী তেজস মৰিস্বামীৰ অধীনত কেইবাটাও যুটীয়া বন পৰিচালনা সমিতিৰ সদস্যসকলে ব্যতিক্রমী কামেৰে ধন উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰে কল্যাণপুৰ যুটীয়া বন পৰিচালনা সমিতিৰ ২৫ গৰাকী মহিলাই বন বিভাগৰ মাটিত ‘দা গ্ৰীণ কেফে’ নামেৰে খোলা এখন ৰেষ্টুৰেণ্টৰ জৰিয়তে বছৰি কেইবালাখ টকা উপাৰ্জন কৰিছে। ২০২৫ বৰ্ষত ২৫ গৰাকী মহিলাৰ দ্বাৰা পৰিচালিত এই সমিতিয়ে ৬৭ লাখ ৯৯ হাজাৰ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। ৰেষ্টুৰেণ্টখনত খোৱা খাদ্যৰ লগতে ঘৰতে প্ৰস্তুত কৰা আচাৰ, জাম, জেলী, চিপ্...

January 19, 2026 6:38 PM

views 54

কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে গোৱালপাৰা জিলাত উপস্থিত হৈ জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ বুজ লয়

দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে আজি গোৱালপাৰা জিলাত উপস্থিত হৈ অভিলাষী জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে গোৱালপাৰাৰ বাপুজী নগৰত থকা আবু আল মজিদ নামৰ লোকজনৰ ছয়াবিনৰ পৰা উৎপাদিত দুগ্ধজাতীয় খাদ্য সামগ্রীসমূহ প্রত্যক্ষ কৰাৰ লগতে উন্নত জাতৰ ছাগলী আৰু কুকুৰাৰ পামো পৰিদৰ্শন কৰে। এনেধৰণৰ কাম-কাজে জিলাখনৰ উন্নয়নত অৰিহণা যোগাব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ লগতে উত্তৰ পূবৰ উন্নয়নত বিশেষ গুৰুত্ব দিয়া বুলিও ...

December 5, 2025 12:08 PM

views 73

গোৱালপাৰা জিলাৰ বিভিন্ন অংশত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত

● গোৱালপাৰা জিলাৰ বিভিন্ন অংশত যোৱা কেইবাদিনো ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। জিলাখনৰ পৰা আমাৰ সংবাদদাতাই জনোৱা মতে গৰাইমাৰী অঞ্চলত আজি পুৱা বনৰীয়া হাতীৰ আক্ৰমণত হিতেন ৰাভা নামৰ এজন লোকৰ মৃত্যু হয়। পুৱা ঘৰৰ পৰা ওলোৱাৰ সময়তে এটা বনৰীয়া হাতীয়ে তেওঁক আক্ৰমণ কৰে। পাছত বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।