গোৱালপাৰাত বন বিভাগে যোৱানিশা অভিযান চলাই জুই জ্বলোৱাত ব্যৱহাৰ কৰিবলৈ অনা কাঠভর্তি এখন ট্রাক জব্দ কৰে।
পঞ্চৰত্নত জব্দ কৰা এই ট্রাকখনত লক্ষাধিক টকাৰ কাঠ আছিল বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।
জানিব পৰা মতে, কাঠখিনি মৰনৈত থকা ইথানল কোম্পানীলৈ নি থকা হৈছিল।