গোৱালপাৰাৰ ৰামপুৰৰ বাদুংদুপ্পা কলাকেন্দ্ৰৰ বাকৰিত কালি বিয়লি শিশু নাট সমাৰোহ অনুষ্ঠিত

গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংদুপ্পা কলাকেন্দ্ৰৰ বাকৰিত কালি বিয়লি শিশু নাট সমাৰোহ অনুষ্ঠিত হয়।

প্রয়াত নাট্যকর্মী শুক্রাচাৰ্য ৰাভাই প্ৰাণ প্রতিষ্ঠা কৰা এই কলাকেন্দ্ৰৰ বাকৰিত প্ৰতিবছৰৰ দৰে গ্রীষ্মকালীন বন্ধ উপলক্ষে এইবেলিও এমহীয়া কৰ্মশালাৰ অন্তত তিনিখন শিশু নাট মঞ্চস্থ কৰা হয়।

বাদুংদুপ্পা কলাকেন্দ্ৰৰ বাকৰিত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত তিনিওখন নাট উপস্থাপন কৰা হয়। থলুৱা লোকনাট্য সংস্কৃতিক ব্যতিক্রমী ধাৰাৰে জীয়াই ৰখাৰ উদ্দেশ্যে সাংস্কৃতিক কাম-কাজেৰে বাদুংদুপ্পা কলাকেন্দ্ৰই প্ৰয়াত নাট্যকর্মী শুক্রাচাৰ্য ৰাভাৰ আদৰ্শ উজ্জীৱিত কৰি ৰখাৰ প্ৰচেষ্টা চলাই আহিছে।