August 14, 2026 6:58 PM | Goalpara

printer

৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গোৱালপাৰা জিলা আৰক্ষীৰ বিশেষ সজাগতামূলক ব্যৱস্থা গ্ৰহণ

দেশজুৰি কাইলৈ উদযাপিত হ’বলগীয়া ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গোৱালপাৰা জিলা আৰক্ষীয়ে বিশেষ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত জিলা আৰক্ষীয়ে অসম-মেঘালয় সীমান্ত অঞ্চলত নিশা যাপন কৰাৰ লগতে আজি পুৱা প্ৰায় ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ চাইকেল সমলেৰে দুয়োখন ৰাজ্যৰ সীমামূৰীয়া নিছানগ্ৰামত উপস্থিত হয়। নিছানগ্ৰামত আৰক্ষীৰ দলটোৱে এখন প্রীতি ফুটবল খেলত অংশগ্ৰহণ কৰাৰ লগতে এখন সজাগতামূলক সভাও অনুষ্ঠিত কৰে। অসম আৰু মেঘালয়ৰ মাজত সমন্বয়ৰ বাৰ্তাৰ প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰা এই সভাত সীমামূৰীয়া অঞ্চলটোৰ বিভিন্ন সমস্যা সন্দৰ্ভত মত বিনিময় কৰা হয়। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰা ভূঞাই আঁত ধৰা এই সভাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই অঞ্চলটোৰ ৰাইজক শান্তিপূর্ণভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনাই বুলি আকাশবাণীৰ গোৱালপাৰাৰ সংবাদদাতাই জানিবলৈ দিছে।

স্বাধীনতা দিৱস উপলক্ষে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি গঢ়ি তোলা হৈছে। বিশেষকৈ সীমান্তৰ নদী পথেৰে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, তাৰ বাবে আৰক্ষীয়ে বিগত কেইবাদিন ধৰি অহৰ্নিশে পহৰাৰ ব্যৱস্থা কৰিছে। বি এছ এফৰ কঠোৰ নিৰাপত্তাৰ সমান্তৰালকৈ অসম আৰক্ষীয়েও নদী সীমান্তত নিয়মিয়াকৈ তহল দি থকা পৰিলক্ষিত হৈছে। সুৰক্ষিত আৰু শান্তিপূৰ্ণ পৰিৱেশত স্বাধীনতা দিৱস উদযাপন নিশ্চিত কৰাৰ লক্ষ্যৰে জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত এই বিশেষ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।