July 6, 2026 12:06 PM | Goalpara

printer

হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে গোৱালপাৰা বন সংমণ্ডলৰ বিভিন্ন কার্যসূচী গ্ৰহণ

হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে গোৱালপাৰা বন সংমণ্ডলে বিভিন্ন কার্যসূচী গ্ৰহণ কৰি আহিছে। হাতীৰ লগতে আন আন জীৱ জন্তুৰ সৈতে সহাৱস্থান কৰি জীৱন-নিৰ্বাহ কৰাৰ উপায় সম্পর্কে ছাত্র- ছাত্ৰীসকলক জ্ঞান দিয়াৰ উদ্দেশ্যে সংমণ্ডলটোৱে এইবাৰ যুৱ গজমিত্ৰ নামেৰে এখন নতুন আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনিৰ জৰিয়তে জিলা বন বিভাগে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বন বিভাগে পৰিচালনা কৰা পঞ্চৰত্ন ইক’ কেম্পলৈ আনি জীৱ-জন্তুৰ সৈতে সহাৱস্থানেৰে জীৱন-নিৰ্বাহ সম্পৰ্কে ব্যৱহাৰিক জ্ঞান দিয়াৰ ব্যৱস্থা কৰিব। জিলা বন বিভাগে এই আঁচনি ধাৰাবাহিকভাৱে চলাই নিব বুলি বন সংমণ্ডল প্ৰাধীকাৰী তেজছ মৰিস্বামীয়ে প্ৰকাশ কৰিছে ।