গোৱালপাৰা বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী তেজস মৰিস্বামীৰ অধীনত কেইবাটাও যুটীয়া বন পৰিচালনা সমিতিৰ সদস্যসকলে ব্যতিক্রমী কামেৰে ধন উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰে কল্যাণপুৰ যুটীয়া বন পৰিচালনা সমিতিৰ ২৫ গৰাকী মহিলাই বন বিভাগৰ মাটিত ‘দা গ্ৰীণ কেফে’ নামেৰে খোলা এখন ৰেষ্টুৰেণ্টৰ জৰিয়তে বছৰি কেইবালাখ টকা উপাৰ্জন কৰিছে। ২০২৫ বৰ্ষত ২৫ গৰাকী মহিলাৰ দ্বাৰা পৰিচালিত এই সমিতিয়ে ৬৭ লাখ ৯৯ হাজাৰ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। ৰেষ্টুৰেণ্টখনত খোৱা খাদ্যৰ লগতে ঘৰতে প্ৰস্তুত কৰা আচাৰ, জাম, জেলী, চিপ্ছ, মৌ, জৈৱিক সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা শাক-পাচলি, হস্ততাঁত বস্ত্ৰ আৰু হস্তনির্মিত শিল্প আদি বিক্ৰী কৰি সমিতিয়ে যথেষ্ট ধন উপাৰ্জন কৰিছে ।
Assamese | June 8, 2026 12:04 PM | Goalpara
ব্যতিক্রমী কামেৰে গোৱালপাৰা বন সংমণ্ডল পৰিচালনা সমিতিৰ সদস্যসকলৰ ধন উপাৰ্জন