গোৱালপাৰা পৌৰসভাই স্বচ্ছ ভাৰত অভিযানৰ অধীনত নগৰখনত বিশেষ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। নগৰখন পৰিচ্ছন্ন কৰি ৰখাৰ বাবে পৌৰসভাই ঘৰে ঘৰে গৈ পুৱা আৰু গধুলি আৱৰ্জনা সংগ্ৰহৰ অভিযান চলাইছে। ইয়াৰ বাবে পৌৰসভাই এটা বিশেষ গীত ৰচনা কৰি আৱৰ্জনা সংগ্ৰহকাৰী বাহনসমূহৰ জৰিয়তে জনবসতিপূর্ণ অঞ্চলসমূহত বজাই শুনোৱা হৈছে। গীতটো শুনাৰ লগে লগে নগৰবাসীয়ে নিজৰ পদুলিত জাবৰসমূহ উলিয়াই দিয়ে আৰু পৌৰসভাৰ কৰ্মচাৰীয়ে সংগ্ৰহ কৰে। ইয়াৰ ফলত গোৱালপাৰাক পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত সহায় হ’ব বুলি পৌৰসভাৰ সভাপতি মহানন্দ পাঠকে প্রকাশ কৰিছে।
Assamese | November 12, 2026 1:06 PM | Goalpara
গোৱালপাৰাত স্বচ্ছ ভাৰত অভিযানৰ অধীনত বিশেষ সজাগতা কাৰ্যসূচী