গোৱালপাৰা জিলাৰ কুমৰী বিল নামনি অসমৰ ভিতৰতে এখন বৃহৎ জলাশয়। পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভাই আজি এই বিলখনত উপস্থিত হৈ মাছৰ পোনা এৰি দিয়াৰ লগতে প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বিলখনক পর্যটনস্থলীলৈ ৰূপান্তৰিত কৰাৰ বাবে চেষ্টা চলোৱা হ’ব বুলি প্রকাশ কৰে।
উল্লেখযোগ্য যে প্রায় ২৭৪ হেক্টৰ এলেকা আগুৰি থকা এই বিলখনত উৎপাদন হোৱা মাছৰ পৰা বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ হোৱাৰ লগতে মৎস্য পালকসকলে মাছ পালন কৰি লাখ লাখ টকা উপার্জন কৰি আহিছে।