August 13, 2026 5:10 PM

views 22

ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণৰ দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান পূর্ণগতিত ৰূপায়ণ

ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণৰ দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান পূর্ণগতিত ৰূপায়ণ কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই এই অভিযানৰ অংশ হিচাপে অসমবাসীক নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয়, যে ত্ৰিৰংগ পতাকা দেশবাসীৰ বাবে সন্মান, গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক। এই পতাকাই জনসাধাৰণক দেশৰ প্ৰতি দায়বদ্ধ হ’বলৈ উৎসাহিত কৰা বুলি তেঁও কয়। গোৱালপাৰা জিলা প্ৰশাসনে হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে আজি চাইকেল সমদল উলিয়ায়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ...

August 13, 2026 4:57 PM

views 23

৯ আগষ্টৰ পৰা দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ

যোৱা ৯ আগষ্টৰ পৰা দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন জিলাতে এই অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। ২০২২ চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্রহণমূলক অভিযানলৈ পৰিণত হৈছে। এই অভিযানে সকলো নাগৰিকক ত্ৰিৰংগ পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ডেৰশ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা অভিযানে বিশেষ ...

August 11, 2026 2:23 PM

views 36

স্বাধীনতা দিৱস আৰু বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী তথা হৰ ঘৰ তিৰংগা, ২০২৬ উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত চাইকেল সমদল

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আৰু বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী তথা হৰ ঘৰ তিৰংগা, ২০২৬ উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি এটা চাইকেল সমদল অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্ত সৃষ্টি সিঙৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত ৰাকেশ ডেকা, ড° নীলাক্ষী বৈশ্য, সহকাৰী আয়ুক্ত আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে সমদলত সক্রিয়ভাৱে অংশগ্ৰহণ কৰে। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা ভালেসংখ্যক শিক্ষার্থীয়েও এই সমদলত অংশ লয়। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই চাইকেল সমদল চহৰখনৰ...

August 11, 2026 2:18 PM

views 26

ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে গোৱালপাৰা জিলা প্ৰশাসনৰ হৰ ঘৰ তিৰংগা অভিযান কাৰ্যসূচী গ্ৰহণ

সমাগত স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে গোৱালপাৰা জিলা প্ৰশাসনেও হৰ ঘৰ তিৰংগা অভিযান কাৰ্যসূচী গ্ৰহণ কৰিছে। গোৱালপাৰাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত বন্তি প্ৰজ্বলনেৰে কালি হৰ ঘৰ তিৰংগা অনুষ্ঠানৰ আৰম্ভ কৰা হয়। আজি একেটা স্থানতে শিক্ষাৰ্থীসকলৰ মাজত চিত্রাংকণ প্রতিযোগিতা অনুষ্ঠিত হৈছে। ১৭ আগষ্টলৈকে জিলা প্রশাসনে দেশপ্রেমমূলক বক্তৃতা, চাইকেল সমদল, মহিলাৰ ফুটবল খেল আদি প্ৰতিযোগিতাৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে হৰ ঘৰ তিৰংগা অভিযানত দেশৰ সকলো নাগৰিককে অংশগ্ৰহণ কৰিবলৈ কেন্দ্...

August 11, 2026 12:58 PM

views 27

হৰ ঘৰ তিৰংগা অভিযানে দেশৰ সমূহীয়া শক্তি, নাগৰিকৰ একতা আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰেঃ গৃহমন্ত্ৰী

হৰ ঘৰ তিৰংগা অভিযানে দেশৰ সমূহীয়া শক্তি, নাগৰিকৰ একতা আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত এটা পোষ্টযোগে শ্রীশ্বাহে কয়, যে এইবছৰ বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অভিযানে প্ৰতিগৰাকী দেশপ্ৰেমিকৰ হৃদয়ক স্পৰ্শ কৰিছে। ত্ৰিৰংগ যাত্ৰা আৰু বন্দে মাতৰম পৰিবেশনৰে এই অভিযানত সকলোকে অংশগ্রহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। তেওঁ লগতে ত্ৰিৰংগ পতাকা উত্তোলন কৰি হৰ ঘৰ তিৰংগা ডট ক...

August 7, 2025 7:58 PM

views 67

দেশজুৰি কাইলৈৰ পৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ

দেশপ্ৰেমৰ চেতনাৰে জনসাধাৰণক উদ্বুদ্ধ কৰাৰ বাবে দেশজুৰি কাইলৈৰ পৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেশাত্মবোধৰ মানসিকতাৰে ৰাইজক প্ৰেৰিত কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। মন্ত্রী পীযূষ হাজৰিকাই আজি বিজেপিৰ যোৰহাট জিলা সমিতিৰ তিৰংগা বিপণীখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত তেওঁ জিলাখনৰ দলীয় কৰ্মীসকলৰ সৈতে হৰ ঘৰ তিৰংগা সন্দৰ্ভত মত-বিনিময় কৰে। গোৱালপাৰাত জিলা পৰিবহণ বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় পতাকা লৈ বাইক ৰেলী উলিওৱা হয়। জিলা পৰিবহণ বিষয়া মনিৰুদ্দিন আহমেদ...

August 25, 2024 8:41 PM

views 65

স্বাধীনতা দিৱস এতিয়া এটা সামাজিক মহোৎসৱত পৰিণত হোৱা বুলি দেশৰ প্ৰতিজন লোকে অনুভৱ কৰিছেঃ প্ৰধানমন্ত্ৰী মোদী

হৰ ঘৰ তিৰংগা অভিযানৰ কথা মন কী বাতত উল্লেখ কৰি প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে কয় যে, জম্মু কাশ্মীৰৰ ৰিয়েছিত এটা তিৰংগা সমদলত বিশ্বৰ সৰ্বোচ্চ ৰেলৱে সেঁতু চেনাব ৰেলৱে সেঁতুত ৭৫০ মিটাৰ দীঘল ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল। তেওঁ গৌৰৱেৰে কয় যে, এই ছবি দেখা প্ৰতিজন লোকৰে হৃদয় আনন্দৰে ভৰপূৰ হৈ উঠিছে। শ্রীমোদীয়ে কয় যে, শ্ৰীনগৰৰ দাল হ্ৰদতো তিৰংগা যাত্ৰাৰ অবিস্মৰণীয় ছবি দেখা গৈছিল। অৰুণাচল প্ৰদেশৰ পূৱ কামেং জিলাত ৬০০ ফুট দীঘল ৰাষ্ট্ৰীয় পতাকা লৈ তিৰংগা যাত্ৰা অনুষ্ঠিত হৈছিল বুলি উল্লেখ কৰি তেওঁ...

August 13, 2024 3:27 PM

views 67

৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযান উদযাপন নাগপুৰ পৌৰ নিগমৰ

নাগপুৰ পৌৰ নিগমে যোৱা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে উদ্যম আৰু উৎসাহেৰে গ্ৰহণ কৰা হৰ ঘৰ তিৰংগা অভিযান উদযাপন কৰিছে। এই উদযাপনৰ অংশ হিচাপে আজি তিৰংগা মাৰাথন আয়োজন কৰা হয়। নাগপুৰ পৌৰ নিগমৰ সহকাৰী পৌৰ আয়ুক্ত প্রকাশ ৱাহেঁড়ে ছেইণ্ট উছুলা বিদ্যালয়ত অনুষ্ঠিত মাৰাথন দৌৰৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। এই মাৰাথনত বহুসংখ্যক নাগৰিকেও অংশগ্ৰহণ কৰে৷

August 10, 2024 6:21 PM

views 60

স্বাধীনতা দিৱস উপলক্ষে অসমতো হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব : মন্ত্ৰী বিমল বৰা

সমাগত স্বাধীনতা দিৱস উপলক্ষে দেশজুৰি আয়োজিত হ'বলগীয়া হৰ ঘৰ তিৰংগা কাৰ্যসূচী অসমতো ৰূপায়ণ কৰা হ'ব। এই সম্পর্কে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ সভাপতিত্বত দিছপুৰৰ জনতা ভৱনত আয়োজিত এখন সভাত কাৰ্যসূচীসমূহ চূড়ান্ত কৰাৰ লগতে পর্যালোচনাও কৰা হয়। সভাত অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ আয়োজিত হ'ব লগা হৰ ঘৰ তিৰংগা কাৰ্যসূচীত গ্রামীণ জীৱিকা অভিযানৰ বিষয়াসকলক জীৱিকা সখীৰ দ্বাৰা সমগ্ৰ ৰাজ্যতে স্কুটী ৰেলী অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিয়া হয়। সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অহা ১৩ আগষ্টত শ্ৰীম...